গোলাঘাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত আঞ্চলিকতাবাদৰ স্তম্ভস্বৰূপ অসম গণ পৰিষদত ৩১ জন যুৱ শক্তিৰ যোগদান

অসমৰ যুৱকক  খেতি পথাৰত নিয়োজিত হ'বলৈ আহ্বান :---- গোলাঘাট,২৩ জুন :----  আজি অসম গণ পৰিষদৰ গোলাঘাট জিলা কাৰ্যালয়ত ৩১ জনকৈ যুৱকে অসমৰ অন্যতম বৃহৎ আঞ্চলিক দল অসম গণ পৰিষদ দলত   যোগদান কৰে। ১৯৮৫ চনৰ অসম আন্দোলনৰ পিছতেই গোলাঘাটত জন্ম লাভ কৰা এই বৃহৎ দলটিত  অসমৰ যুৱসমাজে  এনেদৰে আকৃষ্ট হৈ যোগদান কৰা কাৰ্যক আঁদৰণি জনাইছে দলটিৰ সভাপতি অতুল বৰাই। ভাষণ প্ৰসংগত অসম চৰকাৰৰ কৃষি ও পশুপালন মন্ত্ৰী জনে কয় যে, নিৱনুৱা সমস্যা দূৰীকৰণৰ বাবে অসমৰ খেতি পথাৰত নিয়োজিত হ'ব লাগিব অসমীয়া যুৱক। যিহেতু , কৃষি প্ৰধান ৰাজ্য অসমত  ,লকডাউনৰ এই জটিল  সময়ছোৱাতো   উৎপাদিত ফচল ৰাজ্যৰ বাহিৰে - ভিতৰে সৰ্ব্বমুঠ ৩৫৭ কোটি টকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে ।ইয়াৰোপৰি কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে  কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আঁচনিৰ যোগেদি ২৬ হেজাৰ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰিছে।  এই সুবিধা গ্ৰহণ কৰি যুৱসমাজক আত্মনিয়োগ হোৱাৰ আহ্বান জনোৱাৰ লগতে বৰ্তমানে ২০ হাজাৰ পাৱাৰটিলাৰ বিতৰণ কৰা  বুলিও উল্লেখ কৰে মন্ত্ৰী জনে । ইয়াৰোপৰি   ধান খেতিৰ সময়ছোৱাক বাদ দি অন্য খেতি ৰে  কৃষি ভূমিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি অধিক উৎপাদন কৰি স্বাৱলম্বী হ'ব পাৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে। অসমীয়া যুৱকে  নিজা খেতি পথাৰৰ সদব্যৱহাৰ কৰিব জানিলে কোনো কাৰণতে অন্য ৰাজ্যত গৈ নিৰাপত্তা ৰক্ষীৰ দৰে চাকৰি কৰিব নালাগে বুলি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।যদিও এই আঞ্চলিক  দলটি বিভিন্ন সময়ত উত্থান - পতনৰ মাজেদি আগবাঢ়িছে  তথাপি  দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে এই বৃহৎ আঞ্চলিক দলটিৰ পতাকা আজি পৰ্যন্ত  অৱনমিত হ'বলৈ  দিয়া নাই বুলি আৱেগিক মন্তব্য কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা