বানৰ কবলত ভৱানীপুৰ সমষ্টিবাসী ৰাইজ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ জুনঃ গোটেই অসমতে সংহাৰী ৰূপ ধাৰণ কৰা বানে ভৱানীপুৰ সমষ্টিকো এৰা নাই। ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা পহুমাৰা আৰু পল্লা নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে বৃহত্তৰ সৰুপেটা ৰাজহ চক্ৰ এলেকাত প্ৰলয়কাৰী বান। উল্লেখ্য যে, সৰুপেটা ৰাজহ চক্ৰ এলেকাত পহুমাৰা আৰু পল্লা নদীৰ জৰিয়তে বানৰ তাণ্ডৱ চলাৰ লগতে পল্লা নদী আৰু ৰূপহী নদীৰ বাঢ়নী পানীয়ে বৃহত্তৰ শালবাৰী, ৰূপহী, আনন্দবজাৰ আদি অঞ্চলত ভয়াবহ বানৰ সৃষ্টি কৰিছে। পহুমাৰা নদীৰ বাঢ়নী পানীয়ে মথাউৰি বিচ্ছিন্ন কৰি পুঠিমাৰী, শিঙিমাৰী, হাঠিনাপুৰ, দলোৰ পাথাৰ, চাউলীয়াবৰী, সানিকুৰা, বাটুৱা, ৰহমত বজাৰ, বৰবৰী, কদমতলা ডেনাৰটাৰী, তালতল, কহৰা, কুৰোবাহা, কুৰোবাহা পথাৰ, কহৰা পথাৰ, বাংলীপাৰা, কুছিয়াঝাৰ, কাৰাগাৰী, নকুছি, নকুছিপাথাৰ, মাধৱপুৰ, অটা, দাইৰাবাৰী, তাৰিমূৰ, ধুমাৰকুৰ, কাটলা, কাটলা পাথাৰ, ৰাজাঘাট, দক্ষিণহাটী, দঙাৰপাৰ, পূৱহাটী, আদি গাঁওসমূহৰ ঘৰ-দুৱাৰ, ৰাস্তাঘাট বুৰাই পেলাইছে। অঞ্চলটোৰ কেবাস্থানতো পথ বিচ্ছিন্ন কৰি পেলাইছে। ইফালে, পল্লা নদীৰ জৰিয়তে সৃষ্টি হোৱা বানত বুৰ গৈছে শুকমানাহ, গলিয়া, নমাটি, হৰিপুৰ, আনন্দপুৰ, ধুপালপাৰা, এডিপি বজাৰ, পোৰাভড়াল আদি গাঁৱৰ পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে ৰাস্তা-ঘাট। উল্লেখ্য যে, কালঝাৰ-মাজগাঁও পথ আৰু গলিয়া শুকমানাহ পথ দুটা বানে খহাই নিয়াৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে। উল্লেখ্য যে, বানত বিপৰ্যস্ত কেবাটাও পৰিয়ালে নিজৰ বাসগৃহ এৰি ধুমাৰকুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লৈছে। বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অৰ্দ্ধ শতাধিক ৰাজহ গাঁও বানৰ কবলত পৰিছে। বাতৰি লিখা পৰলৈকে সমষ্টিটোত বানৰ তাণ্ডৱ অব্যাহত আছে। আন এক উল্লেখ্য যে, ভৱানীপুৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এচাম লোকে ওখ-ওখ মথাউৰি নিৰ্মাণ কৰি পুখুৰী খন্দাৰ ফলত কালঝাৰ, কুজাৰপীঠ, ধূপগুৰি আৰু গলিয়া অঞ্চলত মুঠ দহখন দলঙৰ মুখ বন্ধ হৈ যোৱাৰ ফলতো ভয়াবহ বানৰ সৃষ্টি হৈ খেতিপথাৰত ৰোপিত ধান-খেতিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত ভৱানীপুৰৰ একাংশ ৰাইজে বৰপেটা জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি বৃহৎ মথাউৰিৰে পুখুৰী খন্দা বিষয়ৰ ওপৰত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে।

প্ৰতিবেদকঃ সঞ্জীৱ দাস, ভৱানীপুৰ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা