সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ষুদ্ৰহাজাৰা গাঁও নিবাসী মাধুৰ্য বৰুৱা সফলতা
ষ্টাফৰিপৰ্টাৰ, ২০ জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ষুদ্ৰহাজাৰা গাঁও নিবাসী মাধুৰ্য বৰুৱাই ভোমোলাটীস্থ শৈলেন্দ্ৰ কুমাৰ হাইস্কুলৰ অবতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ সহ মুঠ ৫৫৩ নম্বৰ লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে।উল্লেখযোগ্য যে মাধুৰ্যৰ তিনিমাহ বয়সতে দেউতাক ঢুকাইছিল। মাকে অতি কষ্টৰে পঢ়োৱা মাধুৰ্যই কোনো ধৰণৰ প্ৰাইভেট টিউচন অবিহনে পৰীক্ষাত অবতীৰ্ণ হৈছিল।মাধুৰ্যই অসমীয়াত ৯২,ইংৰাজীত ৮০,গণিত ৯৭,বিজ্ঞান ৯৫,সমাজ বিজ্ঞান ৯২ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰিছে।সীমিত সুবিধাৰ মাজত অধ্যয়ণ কৰি এক সন্তোষজনক ৰিজাল্ট কৰাক মাক অনিমা বৰুৱাৰ লগতে পৰিয়াল তথা অঞ্চলবাসীয়ে সুখ অনুভৱ কৰিছে।উল্লেখযোগ্য যে মেধাৱী ছাত্ৰজনৰ দেউতাক প্ৰয়াত ধীৰেণ বৰুৱা শিক্ষকতা কৰাৰ লগতে শিঙাৰপাৰা অঞ্চলৰ এজন সমাজকৰ্মী আছিল।
Comments
Post a Comment