জামুগুৰিহাটত পূৰ্ৱৰ সাফল্যৰ ধাৰা অব্যাহত
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৫ জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্ৱৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জামুগুৰি জুনিয়ৰ কলেজে৷জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা এইবেলি বিজ্ঞান আৰু বৃত্তিমুলক শাখাত এশ শতাংশ উৰ্ত্তীৰ্ণ হোৱাৰ বিপৰীতে কলা শাখাত ৯০.৬ শতাংশ উৰ্ত্তীৰ্ণ হয়৷বিদ্যালয়খনৰপৰা বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ ৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত আজি ঘোষণা কৰা ফলাফলত ১৩ গৰাকীয়ে প্ৰথম বিভাগত আৰু ২৩ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হয়৷ঠিক সেইদৰে বাণিজ্য শাখাত পৰীক্ষাত অৱতীৰ্ণ ১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১ গৰাকী প্ৰথম বিভাগ আৰু ১৫ গৰাকী দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হয়৷কলা শাখাতো বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ ১৯২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২ গৰাকীৰ ষ্টাৰ মাৰ্ক সহিতে প্ৰথম বিভাগত ২৬ গৰাকী,দ্বিতীয় বিভাগত ৭১ গৰাকী আৰু তৃতীয় বিভাগত ৭৭ গৰাকী উৰ্ত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ইয়াৰোপৰি জামুগুৰি জুনিয়ৰ কলেজ খনেও আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ৯৮ শতাংশ হাৰত সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷কলেজখনৰপৰা কলা শাখাত এইবেলি ৩২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৯৭ শতাংশ হাৰত উৰ্ত্তীৰ্ণৰে ৩১ গৰাকী পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হয়৷ইয়াৰ ভিতৰত ২ গৰাকীৰ ষ্টাৰ মাৰ্ক সহিতে প্ৰথম বিভাগত ৯ গৰাকী,দ্বিতীয় বিভাগত ১৪ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী উৰ্ত্তীৰ্ণ হয়৷ঠিক সেইদৰে বাণিজ্য বিভাগত ১০০ শতাংশ হাৰত উৰ্ত্তীৰ্ণৰে ১ গৰাকীৰ ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত ৫ গৰাকী,দ্বিতীয় বিভাগত ৫ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকী উৰ্ত্তীৰ্ণ হয়৷তাৰোপৰি বিজ্ঞান শাখাত কলেজখনৰপৰা ১০০ শতাংশ হাৰত উৰ্ত্তীণৰে প্ৰথম বিভাগত ১৩ গৰাকী আৰু দ্বিতীয় বিভাগত ২৩ গৰাকী উৰ্ত্তীৰ্ণ হয়৷ইয়াৰোপৰি পূৱ ভৰলীপাৰৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ফলাফলো সন্তোষজনক৷মহাবিদ্যালয়খনৰপৰা এইবেলি বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ হ’ল ৮০.৭৬ শতাংশৰ লগতে কলা শাখাত উৰ্ত্তীৰ্ণৰ হাৰ হ’ল ৬৬.৬৬ শতাংশ৷জোন বৰা,জামুগুৰিহাট।
Comments
Post a Comment