কৃষ্ণাইৰ কোন্টেইনমেন্ট জ’ন প্ৰত্যাহাৰ কৰিলে জিলা প্ৰশাসনে

অঞ্চলবাসীৰ সন্তোষ প্ৰকাশ
------------------------------

গোৱালপাৰা জিলাৰ কৃষ্ণাই আশুডুবিকে ধৰি বৃহৎ এলেকা সামৰি ঘোষণা কৰা কোন্টেইনমেন্ট জ’ন আজি আনুষ্ঠানিক ভাৱে প্ৰত্যাহাৰ কৰেে জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ এক নিৰ্দেশ মৰ্মে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঞাই আজি সন্ধিয়া কোন্টেইনমেন্ট জ’ন এলেকাটো মুকলি কৰি দিয়ে ৷ অৱশ্যে ইতিমধ্যে সান্ধ্য আইনৰ সময় আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজে কাইলৈ পুৱা ৭ বজাৰ পিছৰ পৰা স্বাভাৱিক ভাৱে চলাফুৰা কৰিব পাৰিব ৷ উল্লেখ্য যে আশুডুবিৰ দুলাল সাহা
নামৰ ক্ষুদ্ৰ ব্যৱসায়ী জন ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত ১৩ জুন তাৰিখে  সমগ্ৰ আশুডুবি অঞ্চলটোক কোন্টেইনমেন্ট জ’নলৈ ৰূপান্তৰিত কৰা হৈছিল ৷ ইফালে ১৭ দিনৰ মূৰত আজি অঞ্চলটো কোন্টেইনমেন্ট জ’ন মুক্ত কৰি দিয়াত আশুডুবিকে ধৰি বৃহৎ এলেকাটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা