বেবেজীয়াত বিধায়ক ৰূপক শৰ্মাৰ কৃৰ্ত্তী ছাত্ৰ- ছাত্ৰীক উষ্ম অভিনন্দন

:শিক্ষা অাৰু জ্ঞানেৰে অালোকিত হৈ সমাজসেৱা কৰিবলৈ অাহ্বান বিধায়ক ৰূপক শৰ্মাৰ

      দেৱব্ৰত বৰা,জাজৰি,২৬ জুন: নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অাজি বেবেজীয়া অঞ্চলৰ বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়, ডিমৌ , বিৰহ বেবেজীয়া, শেনচোৱাকে ধৰি সদ্য ঘোষিত উচ্চ মাধ্যমিক অাৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সু খ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ - ছাত্ৰীসকলক উষ্ম অভিনন্দন জনায় । এই উপলক্ষে বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত শাৰিৰীক ব্যৱধান বজাই ৰাখি ছাত্ৰ - ছাত্ৰীসকলক উদ্দেশ্যী বিধায়ক গৰাকীয়ে কয় যে- ভাল মানুহ হ'বলৈ সাধনাৰ প্ৰয়োজন। মনত একাগ্ৰতা অাৰু দৃঢ় বিশ্বাস থাকিলে সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰি । বিধায়ক শৰ্মাই ছাত্ৰ - ছাত্ৰীসকলক শিক্ষা অাৰু জ্ঞানেৰে নিজকে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলি সমাজ, জাতি, ৰাজ্য, দেশখনৰ প্ৰতি সেৱা অাগৱঢ়াৱলৈ অাহ্বান জনাই। উল্লেখ্য যে, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰায় তিনি শতাধিক কৃৰ্ত্তী ছাত্ৰ- ছাত্ৰীক ফুলাম গামোছা, ফুলৰ থোপা, কিতাপৰ টোপোলা অাৰু একোখনকৈ প্ৰসংশা পত্ৰৰে সম্বৰ্ধনা জনাই উজ্বল ভৱিষ্যত কামনা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা