জামুগুৰিহাটত আন এগৰাকীৰ দেহত ক’ভিড পজিটিভ

ভীতিবিহ্বল জনসাধাৰণ৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ জুন:জামুগুৰিহাটৰ কেৱাৰীচুক গাঁৱৰ যুৱতী শান্তি বৰা(১৮)ৰ দেহত যোৱা ১৮ জুনত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ অঞ্চলটি প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত কভিড’ত আক্ৰান্ত শান্তি বৰাৰ পৰিয়ালৰ ১৫ গৰাকী লোকৰ ছোৱাব সংগ্ৰহ কৰিছিল স্বাস্থ্যবিভাগে৷কিন্তু যোৱা কালি নিশা শান্তি বৰাৰ মাতৃ মুনু বৰা(৪২)ৰ ছোৱাব টেষ্টৰ ফলাফলত ক’ভিড পজিটিভ অহাত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে৷স্মৰ্তব্য যে জামুগুৰিহাটৰ কেৱাৰীচুক গাৱঁৰ শান্তি বৰাই তেওঁৰ বায়েকৰ সৈতে ২৫ জানুৱাৰীত কৰ্মসুত্ৰে দিল্লীলৈ গৈছিল। কিন্তু দেশজুৰি ঘোষণা হোৱা লক ডাউনৰ বাবে দুই ভগ্নী দিল্লীতে আবদ্ধ হৈ পৰে।পিছত আন্তঃৰাজ্যিক যাতায়ত মুকলি হোৱাত যোৱা ১জুনত স্ব-গৃহমুখী হোৱা দুই ভগ্নী যোৱা ৩ জুনত উপস্থিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্থাপন কৰা জ'নেল স্ক্ৰীনিং চেন্টাৰত আৰু তেজপুৰৰ হোটেল কে.আৰ.চি. পেলেচত প্ৰতিষ্ঠানিক পৃথকীকৰন(Institutional quarantine) হৈ আছিল।অৱশ্যে শান্তি আৰু বায়েকৰ ছোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শোণিতপুৰ জিলা প্ৰশাসনে দুই ভগ্নীকে ৬ জুনৰ নিশা জামুগুৰিহাটৰ কেৱাৰীচুকৰ নিজা ঘৰত থৈ হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ দি যায়।হোম কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে শান্তি বৰা মুৰৰ বিষত ভোগে আৰু ১০৮ সেৱাৰ জৰিয়তে যোৱা ১৪ জুনৰ দিনা শান্তি আৰু বায়েক যামিনী বৰা দুয়োকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনি ছোৱাব সংগ্ৰহ কৰি বিশ্বনাথ জিলাৰ নাগশংকৰ হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল যদিও ১৮ জুনত শান্তি বৰা ক'ভিড পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাত লগে লগে ক’ভিডত আক্ৰান্ত শান্তিক বিশ্বনাথ চাৰিআলি আইচ’লেচন কেন্দ্ৰলৈ প্ৰেৰণ কৰে স্বাস্থ্যবিভাগে৷লগতে শান্তি বৰা হোম কোৱাৰেন্টাইন হৈ থকা কেৱাৰীচুক গাঁওখনকো শোণিতপুৰ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল৷কালি শান্তি বৰাৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা মাতৃৰো ক’ভিড ১৯ ত আক্ৰান্তৰ ফলাফল অহাত নিশাই মাতৃ মুনু বৰাক তেজপুৰ মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে আজি পু্ৱা কন্টেইনমেন্ট এলেকাটো পুণৰ প্ৰশাসনে চেনিটাইজ কৰে৷উল্লেখ্য যে যোৱা ২০ জুনত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰতো বহি:ৰাজ্যৰপৰা আহি কোৱাৰেন্টাইন হৈ থকা তিনিজন যুৱকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷কালি মুনু বৰা(৪২) ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমানলৈকে জামুগুৰিহাটত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পালে৷ইতিমধ্যে ক’ভিডত আক্ৰান্ত জীয়ৰিৰ পৰা মাতৃলৈ কৰ’না সংক্ৰমণ হোৱাৰ বাতৰিয়ে জামুগুৰিহাটৰ জনসাধাৰণক ভীতিবিহ্বল কৰি তোলাৰ লগতে জনসমাগমো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা