শিৱসাগৰত বানৰ তাণ্ডৱঃ বিপদ সীমা অতিক্ৰমি দিখৌ আৰু দিচাঙে চলাইছে তাণ্ডৱ
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ জুন : নেৰানেপেৰাকৈ কেইবাদিন ধৰি হৈ থকা মুখলধাৰ বৰষুণৰ ফলত দিখৌ আৰু দিচাং নদীৰ পানীয়ে বিপদ সীমা অতিক্ৰম কৰিছে । যাৰ ফলত নৈ কাষৰীয়া অঞ্চল সমুহলৈ নামি আহিছে চৰম ভাবুকি ।
কোঁৱৰপুৰ মৌজাৰ গেমন দলংৰ তলৰ কাড়িগাও মথাউৰিৰ ওপৰেদি পানী বাগৰাৰ ফলত শান্তিপুৰ হাইস্কুল, কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৬৫ নং নকটানি প্ৰাথমিক বিদ্যালয়, কোঁৱৰপুৰ ল'ৰা মজলীয়া বিদ্যালয় পানীত ডুব যেৱাৰ লগতে নৈ কাষৰীয়া অঞ্চলৰ বহু ঘৰ দুৱাৰ পানীত ডুব যায় ৷ বহুতৰে খেতি পথাৰ নষ্ট হোৱাৰ উপৰিও জীৱ-জন্তৰ হৈছে হানি ।
আনহাতে শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত দিখৌ নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰা দেখা গৈছ । মেটেকাঘাট, চ'লে গাঁও, কাড়ি গাওঁ, বলিয়াঘাট, ল’ৰাপুটা, বনগাওঁ, থানামুখ, পক্কাঘাট আদি অঞ্চল দিখৌ নদীৰ পানীয়ে প্লাৱিত কৰাৰ লগতে থানামুখৰ শান্তিবন শ্মশানত বাঢ়নী পানীয়ে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে । যাৰ ফলত সৎকাৰ কৰিবলৈ অনা মৃতদেহ উভতাই নিব লগা হৈছে অন্যস্থানলৈ ৷
ইফালে দিখৌৰ প্ৰলয়কাৰী বানৰ লগতে ভয়ংকৰ ৰূপ ধাৰণ কৰা গৰাখহনীয়াই শিৱসাগৰ জিলাৰ বিভিন্ন স্থানলৈ কঢ়িয়াই আনিছে ভাবুকি । এই স্থান সমুহত হব পৰা বিপদ সম্পৰ্কে ফাৰ্ষ্ট নিউজ ৰিপৰ্টে পূৰ্বতে চৰকাৰ তথা বিভাগক সতৰ্ক কৰি বাতৰি পৰিবেশন কৰিছিল | বিভাগৰ গাফিলতিৰ বাবেই সথান সমুহৰ পৰা গুৰুত্বৰ বিপদ সম্ভাৱনীয়তাই দেখা দিছে | বাতৰিৰ যোগে গুৰুত্ব
আৰোপৰ আগজাননীত বিভাগে নিষ্ঠাৰে সময়ত উচিত ব্যৱস্থা গ্ৰহণ কৰা হলে আজি সম্ভাৱনীয় বিপদকলৈ মুৰঘমোৱা কোনো স্থল নাছিল |
শিৱসগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট
Comments
Post a Comment