আজিও নগঞাৰ মানসপটত সজীৱ ২৪ জুনৰ ভয়াৱহ ইতিহাস

≈≈টায়াৰ-কেৰাচিনেৰে সেনাই জ্বলাই দিছিল পাঁচজনকৈ দেশপ্ৰেমী যুৱকৰ মৃতদেহ #                             

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুনঃ প্ৰতিবছৰে ২৪ জুনৰ দিনটো আহিলেই নগাঁও জিলাবাসীৰ মনত ভাহি উঠে এটি কলংকময় কৰুণ ইতিহাসৰ কথা ৷ কোনে পাহৰিব সেনা বাহিনীয়ে সেইদিনটোত সংঘটিত কৰা দানৱীয় ঘটনাৰ কথা ৷ মানৱ সভ্যতাক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি সেনা বাহিনীয়ে পাশৱিক অত্যাচাৰ চলাই পাঁচ জনকৈ সুন্দৰ-সুঠাম নগঞা যুৱকক হত্যা কৰাতে ক্ষান্ত নাথাকি অমানৱীয়ভাৱে মৃতদেহকেইটা ওপৰা-উপৰিকৈ জাপি টায়াৰ আৰু কেৰাচিন ঢালি জ্বলাই দি সুচনা কৰিছিল এক ক’লা ইতিহাস ৷ নগাঁওবাসীৰ লগতে সমগ্ৰ অসমৰ প্ৰতিজন অসমীয়াক সেনাই উপহাৰ দিছিল এটা তেজে ধোঁৱা দিন ৷  স্মৰ্তব্য যে, আজিৰ পৰা ২৬ বছৰ পূৰ্বে ১৯৯৪ চনৰ ২৪ জুনৰ দিনটোতে আলফা দমনৰ নামত সেনা বাহিনীয়ে নগাঁৱৰ পাঁচজনকৈ যুৱকক চৰম বৰ্বতাৰে হত্যা কৰাৰ উপৰি অমানৱীয়ভাৱে মৃতদেহকেইটা জ্বলাই দিছিল ৷ ঘটনাৰ পটভূমি নগাঁও জিলাৰ দক্ষিণ-পশ্চিমত অৱস্থিত কাৰ্বি আংলং জিলাৰ চিতলমাৰী নামৰ এখন অতি ভিতৰুৱা গাঁও ৷ আলফাৰ সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণৰ বাবে যোৱা সাত জনীয়া নগঞা যুৱকৰ দলটোয়ে ঘটনা সংঘটিত হোৱাৰ দিনা অৰ্থাৎ ২৪ জুনৰ দিনা চিতলমাৰী নিৱাসী ৰাম বাহাদুৰ নামৰ ব্যক্তিজনৰ ঘৰত নিশাটোৰ কাৰণে আশ্ৰয় গ্ৰহন কৰাৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰি আলফাৰ আত্মসমৰ্পণকাৰী গোট এটাৰ সৈতে যোৱা সেনাবাহিনীৰ এটা দলে আটাইকেইজন বিপ্লৱী যুৱককে নিদ্ৰাৰত অৱস্থাত আটক কৰে ৷ তাৰ পিছত গৃহস্থ বাহাদুৰৰ চোতালতে ছালফা আৰু সেনাৰ জোৱানে যুৱককেইজনক পেলাই লৈ বুট জোটাৰে গচকি বন্দুকৰ কুণ্ডা, কাঠৰ কুণ্ডা, লাঠী আদিৰে কোবাই কোবাই আধামৰা কৰে ৷ এনেদৰে পাশৱিক অত্যাচাৰ চলোৱাৰ পিছত সেনাই যুৱককেইজনক মুৰ্মূৰ্ষ অৱস্থাত চোতালৰ পৰা চোঁচৰাই আনি গাড়ীত উঠাই বাহাদুৰৰ ঘৰৰ পৰা কিছু নিলগৰ নিৰ্জন ঠাইলৈ নি ভুৱা সংঘৰ্ষৰ ৰহন সানি নিৰ্মমভাৱে হত্যা কৰে ৷ উল্লেখ্য, সাত জনীয়া যুৱকৰ দলটোৰ চকলাঘাটৰ হিৰণ্য বৰুৱা, ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা, হাতীচোঙৰ হেমেন্দ্ৰ নাথ, দলংঘাটৰ ৰাজীৱ বসুমতাৰী আৰু ৰহাৰ পুতুল মেধীক হত্যা কৰাৰ বিপৰীতে কাছমাৰীৰ সুৱৰ্ণ কোঁৱৰ আৰু শেতালীৰ প্ৰদীপ বৰুৱা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাৰ পিছত আজিৰ তাৰিখলৈকে সন্ধান নোলাল ৷ প্ৰকাশ যে, উক্ত যুৱকদ্বয়ৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বহুবাৰ সেনা বাহিনীৰে যোগাযোগ কৰে যদিও সেনাই আশ্চৰ্যজনকভাৱে অজ্ঞতাহে প্ৰকাশ কৰে ৷ যিহেতু সেনাই সাতোজন যুৱককে আটক কৰি আনিছিল সেয়ে সাতোজনকে শীতল মস্তিষ্কৰে হত্যা কৰি পিছত ভুৱা সংঘৰ্ষৰ ৰূপটো বিশ্বাসযোগ্য কৰিবৰ বাবে তথা অধিক জনৰোষত পৰাৰ আশংকাতে সু-পৰিকল্পিতভাৱে যুৱকদ্বয়ক সেনাই কৌশলেৰে সন্ধানহীন হোৱা বুলি প্ৰচাৰ চলায় বুলি ভবাৰ যথেষ্ট থল আছে ৷ ইফালে, সেনাই সেইদিনাই ঘৰৰ চোতালতে মৰিয়াই মৰিয়াই নিদাৰুণভাৱে হত্যা কৰিছিল আশ্ৰয়দাতা নিৰপৰাধী ব্যক্তি ৰাম বাহাদুৰক ৷ সেয়াই আছিল আৰম্ভনি ৷ পাঁচজন যুৱকৰ হত্যাযজ্ঞৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ পিছত দুবছৰৰ ব্যৱধানত ১৯৯৬ চনৰ ২৪ জুন আৰু ২০০০ চনৰ ২৪ জুনতেই চাৰিজনকৈ মুঠ আঠজন আন নগঞা যুৱকক সেনাই হত্যা কৰিছিল ৷ যাৰ পৰিণতিত সৰ্বত্ৰ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ধিক্কাৰৰ ধ্বনি উঠিছিল ৷ ৰাইজ ৰাজপথলৈ ওলাই আহি গঢ়ি তুলিছিল তীব্ৰ প্ৰতিবাদ ৷ গতিকে প্ৰতিবছৰে ২৪ জুনৰ দিনটো আহিলেই প্ৰত্যেকেই স্মৰণ কৰে পূৰ্বৰ ঘৃণনীয় কৰুণ অধ্যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা