চকলাঘাটত বিধায়িকা অাঙুৰলতা ডেকাৰ উদ্যোগত কনটেনমেণ্ট জ'নত খাদ্য সামগ্ৰী বিতৰণ
lদেৱব্ৰত বৰা,জাজৰি,২৪ জুন: ৰাজ্যত ক'ভিড ১৯ ৰ অাক্ৰান্ত সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কণ্টেইনমেন্ট জ'নৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাৱলৈ ধৰিছে। কিয়নো এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিনাক্ত হৈছে কোনো ট্ৰেভেল হিস্ত্ৰি নথকা লোকৰ ক'ভিড ১৯ পজিটিভ। নগাঁও জিলাৰ চকলাঘাটত ৪ দিন পূৰ্বে কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা এজন যুৱকৰ দেহত ক'ভিড ১৯ পজিটিভ ধৰা পৰাৰ পাছতে যুৱক জনৰ গাওঁ চাউলখোৱা অঞ্চল কনটেইনমেণ্ট জ'ন কৰা হৈছিল। যাৰ ফলত গাওঁ খনৰ প্ৰায় তিনিকুৰিৰো অধিক পৰিয়ালে এতিয়া কিছু খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাৰ উদ্যোগত নিজ হাতীচোং গাঁও পঞ্চায়ত সহযোগত কণ্টেইনমেণ্ট অঞ্চলটোত বসবাস কৰা প্ৰতিঘৰ লোককে অাজি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হয়। বিধায়িকা গৰাকী অাৰু পঞ্চায়তৰ এই পদক্ষেপক অঞ্চলৰ ৰাইজে শলাগ লয়।
Comments
Post a Comment