কদমতলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা

চিৰাং জিলা কোচ ৰাজবংশী জাতীয় মহাসভা

কদমতলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা 

বঙাইগাঁওঃ২২ জুনঃ চিৰাং জিলাৰ বৃহত্তৰ কদমতলা অঞ্চলৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলোক আজি কদমতলাস্থ চিলাৰায় ভৱনত চিৰাং জিলা কোচ ৰাজবংশী জাতীয় মহাসভাই সম্বৰ্ধনা জনায় ৷ চিৰাং জিলা জাতীয় মহাসভাৰ সভাপতি নিৰ্মল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি ডা° নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানত কোচ
ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি ডা° নিৰ্মল কুমাৰ ৰায়ে ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজৰ উদ্দেশ্য মূল্যবান ভাষণ আগবঢ়ায় ৷ একেদৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কৃতী ছাত্ৰ-ছাত্ৰী সকলোক অকল বিদ্যালয়, মহাবিদ্যালয়ৰ পুথি অধ্যয়নতে সীমাৱদ্ধ নেথাকি প্ৰয়োজনীয় আন আন কিতাপ, আলোচনী, বাতৰি কাকত, উপন্যাস আদিও পঢ়িবলৈ পৰামৰ্শ আগবঢ়া ৷ বিশ্বজিৎ ৰায়ে অনুকিয়াই কয় যে আজিৰ ছাত্ৰ কাইলৈ নাগৰিক ৷ গতিকে ছাত্ৰ-ছাত্ৰী সকলোৰ পৰাই মানৱ সম্পদ গঢ়িব লাগিব ৷  সেইদৰে নিজ জাতিৰ প্ৰতিও দায়ৱদ্ধতা দেখুৱালৈ আহ্বান জনায় ৷ ভাষণ প্ৰসংগত বিশ্বজিৎ ৰায়ে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলোক অসম চৰকাৰে বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই  ছাত্ৰ-ছাত্ৰী সকলোক বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰাৰ লগতে গৰীৱ ছাত্ৰ-ছাত্ৰী সকলোক বছৰেকত দহ হাজাৰ টকাকৈ জলপানী আগবঢ়াৱলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰে ৷ উল্লেখ্য যে 
সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে উক্ত স্থানতে কমলেশ্বৰ ৰায়ক সভাপতি আৰু ভূপেন ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া কদমতলা আঞ্চলিক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সমিতিখনো গঠন কৰা হয় ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা