বিশিষ্ট শিক্ষাবিদ জহুৰ উদ্দিনৰ দেহাৱসান

 বিশিষ্ট শিক্ষাবিদ জহুৰ উদ্দিনৰ দেহাৱসান #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুনঃ নগাঁও জিলাৰ ধিং গাঁও নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক জহুৰ উদ্দিন হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা নিজ বাসগৃহত দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ । সংখ্যালঘু বসতিপ্ৰধান অঞ্চল ধিং গাঁৱত ১৯৫৬ চনত জন্ম গ্ৰহণ কৰি শিক্ষাবিদজনে বহুকেইটা  অনুষ্ঠান - প্ৰতিষ্ঠান গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণৰে অঞ্চলটোত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছিল । শিক্ষাবিদ জহুৰ উদ্দিনে আলিটাঙনী ওচমানীয়া  উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছুবছৰ শিক্ষকতা কৰি পৰবৰ্তী সময়ত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে শিক্ষকতা কৰি ২০১৬ চনত অৱসৰ গ্ৰহণ কৰিছিল ।  তেওঁৰ তত্ত্বাৱধানত অধ্যয়ণ কৰা কেইবাজনো ছাত্ৰই সমাজত চিকিৎসক, অধ্যাপক, অভিযন্ত্ৰা, অধিবক্তা হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । আজীৱন ইছলামিক নীতি নিয়মেৰে জীৱন অতিবাহিত কৰা জহুৰ উদ্দিন এজন মৃদুভাষী, সৰবৰহী ব্যক্তি আছিল । বুধবাৰে দিনৰ ভাগত এক আবেগিক পৰিবেশত সীমিত লোকৰ উপস্থিতিত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ, এগৰাকী কন্যাৰ লগতে নাতী-নাতিনী আৰু  বহু আত্মীয়-স্বজনক  ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা