মৰাণ জাতীয় মহিলা পৰিষদৰ ডিৰাক আঞ্চলিক সমিতি গঠন

কাকপথাৰ,২৩ জুন:  কাকপথাৰৰ ডিৰাকত সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতিৰ কাৰ্যলয়ত আজি মৰাণ জাতীয় মহিলা পৰিষদ, কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী দীপা মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সভাত টুলুমণি ফুকন মৰাণক সভানেত্ৰী, মঞ্জু মৰাণ, হেমলতা মৰাণ, সোণমণি মৰাণক উপ সভানেত্ৰী, অৰুণজ্যোতি মৰাণক সম্পাদিকা, নিজৰা মৰাণ, পাপৰী মৰাণক সহ সম্পাদিকা হিচাবে নিৰ্বাচিত কৰি ৩১ জনীয়া মৰাণ জাতীয় মহিলা পৰিষদৰ ডিৰাক আঞ্চলিক সমিতিখন  নতুনকৈ গঠন কৰা হয় । উল্লেখযোগ্য যে, সমাজত দিনক দিনে বাঢ়ি অহা মাদকদ্ৰব্যৰ প্ৰচলন তথা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি উঠি অহা নৱ প্ৰজন্ম অধিক আসক্ত হোৱাৰ ফলত সমাজত অপ্ৰীতিকৰ পৰিস্থিতি সঘনে ঘটিব ধৰিছে । যাৰ ফলত এখন সুস্থ সামাজিক পৰিবেশ গঢ় লৈ উঠাত হেঙাৰ হোৱাৰ লগতে শৈক্ষিক পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে । নতুন সমিতিখন গঠন কৰিয়ে সমাজৰ এনেধৰণৰ বিভিন্ন সমস্যাৰ পৰা সমাজখনক মুক্ত কৰি অনাগত দিনত এখন সুস্থ সবল নিকা সমাজ গঢ় দিবলৈ মৰাণ জাতীয় মহিলা পৰিষদে  চেষ্টা কৰিবলৈ সংকল্পবদ্ধ হয় । দিৰাক অঞ্চলৰ কেইবাখনো গাঁৱৰ  শতাধিক  মহিলা আজিৰ সভাখনত উপস্থিত থকাৰ লগতে অঞ্চলটোৰ সর্বাংগীন ক্ষেত্ৰত সমস্যাৰ সমাধানৰ বাবে ওলাই অহাৰ বাবে সংকল্পবদ্ধ হয় । আজিৰ সভাত উপস্থিত থাকে মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকা হেমা মৰাণ, ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সভাপতি চৌবিক মৰাণ আৰু বিষয়ববীয়া সকল  ডিৰাক আঞ্চলিক মৰাণ সভাৰ  সভাপতি প্ৰভাত দহোতিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা