নলবাৰীৰ ঘগ্ৰাপাৰত তিনি যুৱকৰ দেহত কভিড-১৯ পজিটিভ- ঘৰতে থকা স্বাস্থ্য কৰ্মী-এ এন এমৰ পুত্ৰৰ দেহত কভিড-১৯ পজিটিভ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন গাঁৱৰ তিনিজন যুৱকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ লগে লগে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷ জানিব পৰা খবৰমতে ঘগ্ৰাপাৰ বাঘমাৰা কুৰুৱৰী চুবুৰী নিবাসী স্বাস্থ্যকৰ্মী অতুল দাস আৰু এ এন এম অনিমা দাসৰ পুত্ৰ জালুকবাৰী ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ যোৱা মাৰ্চ মাহৰ পৰা ঘৰতে আছিল অলকেশ দাস(২৩)। উল্লেখ্য যে যোৱা ২৩ জুনত ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি চিকিৎসাকৰ্মীৰ দলে স্বাস্থ্যকৰ্মী অতুল দাস আৰু এ এন এম অনিমা দাসৰ ছোৱাব সংগ্ৰহ কৰাৰ উপৰিও অলকেশৰো ছোৱাব সংগ্ৰহ কৰি গুৱাহাটীলৈ পঠাইছিল। আজি পুৱা পোৱা খবৰমতে অলকেশ দাস ক'ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। লগে লগে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ নিৰ্দেশত ক'ভিড-১৯ জিলা চাৰ্ভিলেঞ্চ বিষয়া ডা৹ সুৰেন্দ্ৰ মজুমদাৰে ১০৮ সেৱাৰে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ক'ভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে অতুল দাসৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। অতুল দাস আৰু অনিমা দাসৰ সংস্পৰ্শলৈ অহা ঘগ্ৰাপাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এ এন এম, এম পি ডব্লিউ, আশাকৰ্মী, স্বাস্থ্যকৰ্মী আদি সকলোৱে আতংকিত হৈ পৰিছে ৷ উল্লেখ্য যে ছাত্ৰগৰাকী তলাবন্ধৰ পূৰ্বে ঘৰলৈ আহিছিল। ইফালে নাৰিকুছি গাঁৱৰ বাসিন্দা ললিত বেজবৰুৱাৰ পুত্ৰ থানেশ্বৰ বেজবৰুৱা গুৱাহাটীৰ ফাঁচী বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল। যোৱা ২০ জুনত থানেশ্বৰ বেজবৰুৱা ঘৰলৈ আহি তিনিদিন ঘৰতে থাকি পুনৰ গুৱাহাটীলৈ উভতি যায়। তাতে তেওঁ ছোৱাব পৰীক্ষা কৰে। তেওঁৰ দেহত কোনো ধৰণৰ ৰোগৰ লক্ষণ তথা
কোনো ভ্ৰমণ বৃত্তান্ত নথকা হেতুকে তেওঁ নিঃসন্দেহ হৈ আছিল যদিও যোৱা ২৫ জুনত হঠাৎ অসুস্থ হৈ পৰাত পুনৰাই পৰীক্ষা কৰোৱাত ক'ভিড-১৯ পজিটিভত ধৰা পৰে। তাৎক্ষণিকভাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে। এই খবৰ পোৱাৰ পিছতেই ঘগ্ৰাপাৰৰ নাৰিকুছিটো হাহাকাৰ লাগে। ঘৰত থকাৰ সময়তে তেওঁ ওচৰ চুবুৰীয়াৰ বহুতৰে সংস্পৰ্শলৈ আহিছিল বাবে এতিয়া তেওঁলোকৰ মাজতো আতংকই বিৰাজ কৰিছে। ইতিমধ্যে গাঁওখনৰ ৫ টা পৰিয়ালক গৃহত আৱদ্ধ হৈ থকাৰ পৰামৰ্শ দিয়ে। আনহাতে থানেশ্বৰৰ ভাতৃ জয়ন্ত বেজবৰুৱাৰ সামান্য জ্বৰ-কাহ হৈ থকা বাবে স্বাস্থ্যবিভাগে কালিয়েই জয়ন্তক ১০৮ সেৱাৰে নি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰি আছে। ইফালে থানেশ্বৰৰ ভাতৃ এজনৰ ঘগ্ৰাপাৰত থকা চেলুন এখনত বহুলোকে চুলি-দাঢ়ি কাটিছিল বাবে এতিয়া তেওঁলোকেও ক'ৰোনাৰ ভয়ত আতংকিত হৈছে। ইপিনে সাগৰকুছি গাঁৱৰ ৰিতু কলিতা(২৩)ৰ দেহতো ক'ভিড-১৯ পজিটিভ ধৰা পৰে। ইতিমধ্যে ৰিতু কলিতাক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেইন্টাইন কেন্দ্ৰত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে। আনহাতে ৰিতু কলিতাৰ সংস্পৰ্শলৈ অহা মাতৃ ৰাধিকা কলিতাৰ লগতে সাগৰকুছি গাঁৱৰ এ এন এম স্বপ্না বৰ্মণ, অবনী বৰ্মণ, আমলংজ্যোতি কলিতা, এম পি ডব্লিউ গৌৰাংগ ডেকা, আশাকৰ্মী নীতা কলিতা, আশাকৰ্মী অৰ্পনা কলিতা আৰু অংগনবাড়ী সহায়িকা নিৰলা মেধি দাসৰ ছোৱাব সংগ্ৰহ কৰি গুৱাহাটীৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। সেয়েহে স্বাস্থ্যকৰ্মী, ডাক্তৰকে আদি কৰি ৰাইজ ক'ভিডৰ গণ সংক্ৰমণ আশংকত আতংকিত হৈ পৰিছে ৷
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment