ফেনে ফোটোকাৰে বাঢ়িছে ৰঙিয়া মহকুমাৰ আটাইকেইখন নৈ , প্লাবিত বহু অঞ্চল

বানপীড়িতৰ মাজত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ 
প্ৰতিবেদক, ৰঙিয়া, ২৮ জুন: ৰঙিয়া মহকুমাৰ হাছানটুকত স্থাপন কৰা সাহাৰ্য্য শিবিৰত উপস্থিত হৈ  আজি অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে বানপীড়িতৰ অৱস্থাৰ বুজ লোৱাৰ লগতে  সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে । উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ আটাইকেইখন নৈ ফেনে-ফোটোকাৰে বাঢ়ি মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তুলিছে । মহকুমাটোৰ মাজেৰে বৈ যোৱা পুঠিমাৰী,  বৰলীয়া, নোনা, কলাজল নৈৰ জলস্তৰ বৰ্তমান বিপদ সীমাৰ ওপৰেৰে বৈ আছে । নৈৰ বাঢ়নি পানীয়ে খেতি পথাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন কৰিছে । আজি অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ৰঙিয়া মহকুমাৰ ক্ষতিগ্ৰস্থ এলেকাসমৃহৰ বুজ লয়  । তেখেতে ক'ৰণা ভাইৰাচ প্ৰতিৰোধী যুঁজৰ সমান্তৰাল ভাৱে বানপানীৰ বাবে সাজু হৈ থাকিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত বৰ্তমান মহকুমাটোত যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে বান সাহাৰ্য্য বিতৰণৰ কাম । আজি অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে হাছানটুকৰ সাহাৰ্য্য শিবিৰত বানপীড়িতৰ মাজত মাস্ক, হেণ্ড-চেনিটাইজাৰ, চাবোন, গ্ল'ভচ্ আদিও বিতৰণ কৰাৰ লগতে শিবিৰত সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ দিয়ে । স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুযায়ী সম্পূৰ্ণ আহল-বহল আৰু স্বাস্থ্যসন্মত ভাৱে স্থাপন কৰা এই শিবিৰটোত অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ক'ভিড-১৯ সজাগতা সন্দৰ্ভত বিভিন্ন বেনাৰ-পোষ্টাৰ , ফলক আদি আৰিঁ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা