গোৱালপাৰাৰ বানে ছিগা আগিয়া-লক্ষীপুৰ পথত নিৰ্মাণ কৰা বেইলী ব্ৰীজ মুকলিঃজিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ কৰ্মদক্ষতাৰ শলাগ ল’লে জিলাবাসীয়ে
গোৱালপাৰাৰ বানে ছিগা আগিয়া-লক্ষীপুৰ পথত নিৰ্মাণ কৰা বেইলী ব্ৰীজ মুকলিঃজিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ কৰ্মদক্ষতাৰ শলাগ ল’লে জিলাবাসীয়ে
-----------
গোৱালপাৰা জিলাৰ আগিয়া-লক্ষীপুৰ ৰাজ্যিক ঘাইপথৰ বানে উটুৱাই নিয়া অংশটোত নিৰ্মাণ কৰা বেইলী ব্ৰীজ খন আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷ মুকলি কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷ উল্লেখ্য যে যোৱা ১৪ মে তাৰিখে জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ আগিয়া- লক্ষীপুৰ ৰাজ্যিক ঘাইপথৰ বলাইখামাৰত এটা কালভাৰ্টসহ এছোৱা বানপানীয়ে উটুৱাই নিয়ে ৷ এই বানত বহু কেইখন ৰাজহ গাওঁ তথা খেতিপথাৰ পানীত বুৰ যোৱাৰ লগতে লক্ষীপুৰ নগৰকে ধৰি বৃহত্তৰ অঞ্জল এটা গোৱালপাৰা জিলা সদৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ ইফালে ৰাজ্যিক ঘাইপথটোৰ প্ৰায় ৩৭ মিটাৰ অংশ বানপানীয়ে খহাই লৈ যোৱাৰ পিছ মুহূৰ্ততে উপায়ুক্ত বৰ্ণালী ডেকা (আই এ এছ ) সেই স্থানত উপস্থিত হয় আৰু পথটিৰ ছিগি যোৱা অংশেৰে তীব্ৰ গতিত বানৰ পানী সোমাই বুৰাই পেলোৱা গাওঁ সমূহত এনডিআৰএফ আৰু এছডিআৰএফৰ দলৰ সহায়ত উদ্ধাৰ অভিযান চলায় ৷ এই অভিযানত ৪৪০ গৰাকী লোকক বিপদ শংকুল অৱস্থাৰ পৰা উদ্ধাৰ কৰে উদ্ধাৰকাৰী সকলে ৷ এই অভিযানত উপায়ুক্ত বৰ্ণালী ডেকা সোশৰীৰে উপস্থিত থাকি সমগ্ৰ অভিযানৰ তদাৰকী কৰে আৰু পথটিৰ বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক অৱগত কৰে ৷ সেইমৰ্মে
যোৱা ২৯ মে তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি আগিয়া-লক্ষীপুৰ পথৰ ছিগি যোৱা অংশ প্ৰত্যক্ষ কৰেে আৰু ব্যাহত হৈ পৰা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি পথটিৰ ছিগা অংশত গড়কাপ্তানি (পথ) বিভাগে বেইলী ব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ জিলা উপায়ুক্তই এই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাত যুদ্ধকালীন তৎপৰতাৰে এমাহৰ ভিতৰতে বিভাগে বেইলী ব্ৰীজ খন সম্পূৰ্ণ কৰি তোলে ৷ আজি জিলা উপায়ুক্তই পতাকা জোকাৰি এই বেইলী দলং খন ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়ে ৷ এই মুকলি অনুষ্ঠানত ৰাভা হাছংং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক ৰাভা, গড়কাপ্তানি ( পথ ) বিভাগৰ বিষয়া সকল আৰু একাংশ স্থানীয় ৰাইজ উপস্থিত থাকে ৷ গোৱালপাৰা জিলা প্ৰশাসনৰ বিষয়া সকলো এই মুকলি অনুষ্ঠানত উপস্থিত থাকে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report
Comments
Post a Comment