ভৱানীপুৰৰ যুৱক ক'ভিড-১৯ ত আক্ৰান্ত

"আতংকিত ভৱানীপুৰ ৰাইজ"

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ জুনঃ শুক্ৰবাৰে ভৱানীপুৰত এজন যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰাৰ পিছতেই সমগ্ৰ ভৱানীপুৰ অঞ্চলৰ জনমানসত আতংকৰ সৃষ্টি হৈছে আৰু এই ক'ভিড-১৯ ত আক্ৰান্ত যুৱকগৰাকী হৈছে ভৱানীপুৰৰ ডেকাপাৰা গাঁৱৰ মিণ্টু ডেকা(৩২)। ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, গুৱাহাটীৰ এখন ফাৰ্মাচীত কৰ্মৰত অৱস্থাত যোৱা ২০ জুনত এই যুৱকজনৰ দেহৰ পৰা শ্বাব সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে। মিণ্টু ডেকাৰ দেহৰ পৰা স্বাস্থ্য বিভাগে শ্বাব সংগ্ৰহ কৰাৰ পিছত যুৱকজনে  ভৱানীপুৰৰ ডেকাপাৰা গাঁৱৰ নিজ বাসগৃহত আহি আছিল। কালি শ্বাব পৰীক্ষাৰ অন্ততঃ মিণ্টু ডেকাৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে আৰু লগে-লগে ক'ভিড-১৯ ত আক্ৰান্ত মিণ্টু ডেকাক স্বাস্থ্য বিভাগে বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা