নলবাৰী জাতীয় বিদ্যালয়ত সামাজিক দূৰত্বৰ ব্যবধানেৰে ৰাভা দিৱস পালন*
পশ্চিম নলবাৰীৰ ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়ত আজি সামাজিক দূৰত্বৰ ব্যবধান অটুত ৰাখি কলাগুৰুৰ স্মৃতিত ৰাভা দিৱস পালন কৰা হয় ৷ বিদ্যালয়খনৰ অধ্যক্ষ দিবাকৰ ডেকা সমন্বিতে সমূহ শিক্ষক-কৰ্মচাৰীৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিভিন্ন বিষয়ববীয়াসকলৰ সহযোগত
অনুষ্টুপীয়াকৈ পালন কৰা দিৱসটিত কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা নলবাৰীৰ নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনে ৷ মাল্যাৰ্পন কৰি জৈনে ভাষণত কয় ৰাভা আছিল সাধাৰণ জনতা আৰু কৃষকৰ মুক্তিকামী নেতা ৷ লগতে উল্লেখ কৰে বৰেণ্য শিল্পীগৰাকীয়ে বিশ্বাস কৰিছিল কৃষকশ্ৰেণী আৰু শ্ৰমজীৱিসকল পূজিপতিৰ শোষণৰ পৰা মুক্ত হ'লেহে সমাজত প্ৰকৃত সংস্কৃতি গঢ়ি উঠিব ৷ আজিৰ এই দিৱস পালনত উপস্থিত থাকে পৰিচালনা সমিতিৰ সম্পাদক তথা নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ড৹ নিপন মজুমদাৰ, প্ৰবক্তা সুৰজিৎ শৰ্মা, অবৈতনিক কোষাধ্যক্ষ তথা যুব ব্যৱসায়ী জিত পাটগিৰিকে আদি কৰি বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকল ৷
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment