ভৱানীপুৰত বানত সন্ধানহীনৰ মৃতদেহ উদ্ধাৰঃ মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি

সঞ্জীৱ দাস, ভৱানীপুৰ, ৩০ জুনঃ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পটাত পল্লা নদীত সন্ধাহীন লোকৰ মৃতদেহ আজি উদ্ধাৰ হয়। উল্লেখ্য যে, প্ৰলয়ংকাৰী বানৰ কবলত পৰা ভৱানীপুৰৰ নিকটৱৰ্তী পটা-গুৱাগাছা সংযোগী পল্লা নদীৰ ওপৰত স্থাপিত বাঁহৰ সাঁকো পাৰ হ'বলৈ ধৰোতে ৰৌমাৰী গাঁৱৰ পিণ্টু দাস (৪০) নামৰ লোকজন সাঁকোৰ পৰা নদীত পৰি যায়। ঘটনাটো সংঘটিত হয় ২৮ জুনৰ দিনৰ প্ৰায় দুই বজাত। পল্লা নদীৰ সোঁতে পিণ্টু দাসক উটুৱাই নিয়াত তেওঁ সন্ধাহীন হৈ আছিল আৰু আজি পুৱাৰ ভাগত দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা কিছু আঁতৰত নদীৰ বুকুত ভাঁহি থকা পিণ্টু দাসৰ মৃতদেহ উদ্ধাৰ হয়। আন এক উল্লেখ্য যে, কালি ভৱানীপুৰ টাঙলা গাঁৱত গোপাল ঘোষ(৬০) নামৰ এজন লোকক বানে উটুৱাই নিয়াত তেওঁৰ মৃত্যু ঘটিছিল। বাতৰি লিখা পৰলৈকে ভৱানীপুৰ অঞ্চলত বানত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। আনহাতে,ভৱানীপুৰ বিধানসভা সমষ্টিত পহুমাৰা আৰু পল্লা নদীয়ে সৃষ্টি কৰা ভয়াবহ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। এসপ্তাহ ধৰি অৰ্দ্ধশতাধিক গাঁৱৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি পথাৰ পানীৰ তলত অৰ্থাৎ বানৰ কবলত আছে। মাজগাঁও, শুকমানাহ, কঁহৰা, পাটলা আদি স্থানৰ ৰাস্তা-ঘাট কেবাটাও বিচ্ছিন্ন কৰিছে বান। ধুমাৰকুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বানাক্ৰান্ত কেবাটাও পৰিয়ালে অশ্ৰয় লৈ থকাৰ বিপৰীতে শুকমানাহ পল্লাৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অঞ্চলটোৰ বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় লৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা