নগাঁৱৰ চকলাঘাটত কৰ’নাৰ গণ সংক্ৰমণৰ আশংকাত শংকিত গঞা
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুনঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো শেহতীয়াভাবে কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ৷ আচলতে বৰ্হিঃৰাজ্যৰ আবদ্ধ লোকসকল জিলাখনলৈ আগমনৰ পিছৰে পৰা কৰ’নাত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাবে বৃদ্ধি পোৱা দেখা গৈছে ৷ কিন্তু ইয়াৰ মাজতে জিলাখনৰ পশ্চিম প্ৰান্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত কালি কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা কংকন মুদৈ ওৰফে বুপটি(৩৪) নামৰ এজন যুৱকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে ৷ জানিব পৰা মতে, আয়ুস্মান ভাৰতৰ আৰোগ্য মিত্ৰ হিচাপে কৰ্মৰত এই যুৱকজন জণ্ডিছ আৰু যকৃতজনীত ৰোগত আক্ৰান্ত হৈ হঠাতে গুৰুত্বৰভাবে অসুস্থ হৈ পৰাত নগাঁৱৰ জি ডি হস্পিতালত ভৰ্তি কৰোৱাৰ পিছতহে স্বাৱ পৰীক্ষাত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল ৷ ইয়াৰ পূৰ্বে এই যুৱকজন যোৱা পহিলা জুনৰে পৰা সামান্য জ্বৰতো আক্ৰান্ত হৈছিল যদিও যুৱকজন ঘৰতে থাকি অঞ্চলত চলাফিৰা কৰি ফুৰিছিল ৷ সেয়ে এনেদৰে সকলোকে আচৰিত কৰি যুৱকজনৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাত এতিয়া অঞ্চলবাসী ৰাইজ আতংকিত হৈ পৰিছে ৷ কিয়নো চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে যুৱকজন অসুস্থ হৈ ঘৰতে থকা অৱস্থাত বহুলোক তেওঁৰ সংস্পৰ্শলৈ অহাৰ আশংকাই এতিয়া গঞাৰাইজক চিন্তিত কৰি তুলিছে ৷ বিশেষকৈ বহু বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্ব বা প্ৰতিবেশী লোক যুৱকজনৰ খবৰ ল’বলৈ যুৱকজনৰ ঘৰলৈ অহা, যুৱকজনক বেজী দিয়া এজন যুৱক তথা জণ্ডিছ ৰোগৰ আৰোগ্যৰ বাবে জৰা-ফুকা কৰিবলৈ অহা স্থানীয় এগৰাকী মহিলাৰ লগতে চিকিৎসালয়লৈ লৈ যোৱা টেম্প’খনৰ বিষয়কলৈ এতিয়া ৰাইজৰ মাজত বেছ চৰ্চা চলিছে ৷ সেয়ে এনেদৰে কৰ’নাত আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শলৈ বহুলোক অহাৰ সম্ভাৱনাক কেন্দ্ৰ কৰি এতিয়া চকলাঘাটবাসী ৰাইজ গণ সংক্ৰমণৰ আশংকাত শংকিত হৈ পৰিছে ৷ ইফালে, ট্ৰেভেল হিষ্ট্ৰী নথকা এজন যুৱক এনেদৰে কৰ’নাত আক্ৰান্ত হোৱা বিষয়টো খুব গুৰুত্বসহকাৰে লৈ ইতিমধ্যে জিলা প্ৰশাসনে যুৱকজনে বাস কৰা চকলাঘাটৰ চাউলখোৱা গাঁও কন্টেনমেন্ট জ’ন হিচাপে ঘোষণা কৰি গাঁওখনলৈ সকলো লোকৰে ওলোৱা-সোমোৱাত বাধা আৰোপ কৰাৰ লগতে আক্ৰান্ত যুৱকজনৰ সমগ্ৰ বাসগৃহ আৰু চৌহদ ছেনিটাইজ কৰিছে ৷ তদুপৰি আজি স্বাস্থ্য বিভাগৰ দল আহি আক্ৰান্ত যুৱকজনৰ ঘৰৰ পৰিয়ালৰ সকলো লোকৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে ৷ আনকি গণ সংক্ৰমণ যাতে হ’ব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ইতিমধ্যে যুৱকজনক বেজী দিয়া এজন যুৱকৰ লগতে জণ্ডিছ ৰোগৰ চিকিৎসা কৰা স্থানীয় মহিলাগৰাকীক হোম কোৱাৰেন্টাইন কৰিছে ৷
Comments
Post a Comment