সাংসদ তপন কুমাৰ গগৈৰ দ্বাৰা শিৱসাগৰত "অসম দৰ্শন" আঁচনিৰ অধীনত তিনিটা ঐতিহ্য ক্ষেত্ৰৰ আন্তঃগাঁথনি নিৰ্মানকাৰ্যৰ আধাৰশিলা স্থাপন

ফাৰ্ষ্ট নিউ ৰিপৰ্ট শিৱসাগৰ , ২৪ জুন: অসম চৰকাৰৰ "অসম দর্শন" আঁচনিৰ অধীনত শিৱসাগৰ জিলাৰ তিনিটা ঐতিহ্যক্ষেত্ৰ ক্ৰমে শ্ৰী শ্ৰী শিপহা সত্ৰ, শ্ৰী শ্ৰী কাটনীপাৰ সত্ৰ আৰু হজৰত খন্দকাৰ পীৰ দৰগাহৰ অতিথিগৃহ আৰু গৃহনির্মানৰ কামৰ আজি আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। 

উল্লেখযোগ্য যে, "অসম দর্শন" আঁচনিৰ অধীনত অসম চৰকাৰে জিলাখনৰ তিনিওটা ঐতিহ্যক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ টকাকৈ পুঁজি আবন্টিত কৰিছে। 

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ, শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গীতামণি বৰগোহাই, সমাজসেৱক ভৱেন মহন আৰু বিজিত গগৈ উপস্থিত থাকে।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউ ৰিপৰ্ট

Comments