সম্পূৰ্ণ সফল লকডাউনৰ লগতে গোলাঘাটত চেনিটাইজেশ্যন

গোলাঘাট  ২৮ জুন  :---ৰাজ্যজুৰি দিয়া  দুদিনীয়া লকডাউনৰ সম্পূৰ্ণ প্ৰভাৱ পৰিল গোলাঘাট চহৰত। গণ সংক্ৰমণৰ আতংকত ত্ৰস্তমান চহৰবাসীয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা সম্পূৰ্ণ পালন কৰি প্ৰশাসনক কৰা সহযোগত কালিৰ পৰা আজি এই দুটা দিন চহৰখন  সম্পূৰ্ণ নিস্তব্ধ হৈ পৰা দেখা গ'ল। বন্ধ হৈ পৰা চহৰখনত এইচেগতে জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰসভাই অগ্নি নিৰ্ব্বাপক বাহিনীৰ সহযোগত সমগ্ৰ চহথখনত  চেনিটাইজেশ্যন কৰাও দেখা গ'ল। ইতিমধ্যে গুৱাহাটীৰ পিছতে গোলাঘাটত ক'ভিড ৰোগীয়ে দ্বিতীয় স্থান লাভ কৰিছে। গণ সংক্ৰমণ ৰ চৰম ভাবুকি কঢ়িয়াই অনা চহৰখনত গোলাঘাটবাসীৰ এনে সহযোগে ক'ৰনা প্ৰতিৰোধৰ ক্ষেত্ৰত  কিছু  প্ৰভাৱ পেলাব বুলি ব্যক্ত কৰে জিলা প্ৰশাসনে । কালিৰ লৈকে জিলাখনত ক'ভিড ৰোগীয়ে ১২১ ঘৰত প্ৰৱেশ কৰাৰ লগতে ১৬ জনে অব্যাহতি লাভ কৰিছে । ইয়াৰে এজন যোৰহাট মেডিকেল কলেজৰ পৰা অব্যাহতি পাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা