কলা শাখাৰ তৃতীয় স্থানত ৰঙিয়াৰ প্ৰাগমেটিক একাডেমীৰ ছাত্ৰী সঙ্গীতা দাস
ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ২৫ জুনঃ : অসম মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ আজি ঘোষণা কৰা ফলাফলত কামৰূপ জিলাৰ ৰঙিয়াত প্ৰথম দহ জনৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হল এগৰাকী ছাত্ৰীয়ে। ৰঙিয়াৰ প্ৰাগমেটিক একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী সঙ্গীতা দাসে কলা শাখাত( ইংৰাজী ৯৬, অসমীয়া ৯০, অৰ্থনীতি বিজ্ঞান ৯৭, ৰাজনীতি বিজ্ঞান ৯৭,শিক্ষানীতি ৯৩ ,তৰ্ক বিজ্ঞান আৰু দৰ্শন ৮৯)ত মুঠ ৪৭৩ নম্বৰ (৯৪.৬%) লাভ কৰি ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰে। লকডাউনৰ মাজতে আশানুৰূপ ফলাফলত সমগ্ৰ অঞ্চলজুৰি উৎসৱমুখ পৰিৱেশৰ সৃষ্টি হয়। ৰঙিয়া টাউনৰ সমীপৱৰ্তী ২ নং নকুল গাঁৱৰ পিতৃ হৰেশ্বৰ দাস আৰু মাতৃ নিৰদা দাসৰ কন্যা সঙ্গীতা দাস ।
Comments
Post a Comment