গোৱালপাৰাৰ আমজোঙাত ভয়ংকৰ পথ দুৰ্ঘটনাঃকৃষ্ণাইৰ শিক্ষকসহ নিহত ২ঃআহত আন দুজন
গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজোঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয় ৷ আনহাতেে, আহত হয় আন দুজন লোক ৷ জানিব পৰা মতে, দুখন বিপৰীতমুখী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷ জিলাখনৰ কৃষ্ণাইৰ পৰা ধূপধৰা অভিমুখী মাৰুতি ভান (এএছ১৮ই৭৩২৫) এখনৰে গুৱাহাটীৰ মালিগাঁৱৰ পৰা বৰপেটা অভিমুখী ভাৰ্ণা (এএছ০১একে৯৩৯৪)
এখনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় গাড়ী দূখনৰ চালকৰ আসনত থকা লোক দুজন ৷ নিহত লোক দুজনক ইতিমধ্যে কৃষ্ণাই খেৰমোহৰা নিবাসী শিক্ষক নৱ কান্ত ৰাভা আৰু গুৱাহাটী মালিগাঁৱৰ নয়নজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে ৷ ইফালে, বৰমোহাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ কান্ত ৰাভাৰ অনাকাংক্ষিত মৃত্যুত মৰ্মাহত হৈ পৰিছে খোমোহৰা-বৰমোহৰা বাসী ৰাইজ ৷ জানিব পৰা মতে, আজি পুৱা নৱ কান্ত ৰাভাই নিজৰ সদ্য প্ৰৱেশিকা উত্তীৰ্ণ জীয়ৰী নম্ৰতা ৰাভাক লগত লৈ নিজা মাৰুতি ভান খনৰে যাত্ৰা কৰিছিল ধুপধৰা কোঠাকুঠিস্থিত ছান ফ্ৰান্সিচ ইংলিছ স্কুললৈ ৷ উদ্দেশ্য আছিল জীয়ৰীৰ প্ৰৱেশিকা উত্তীৰ্ণ মাৰ্কশ্বিট চাৰ্টিফিকেট অনা ৷ পিছে ৰাভাৰ সেই আশা পূৰণ নহ’ল ৷ তাৰ পূৰ্বেই তেওঁ ইহজগত এৰি বিদায় মাগিলে অতি কৰুণ ভাৱে ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত নম্ৰতা ৰাভাৰ লগতে ভাৰ্ণা খনৰ আনজন আৰোহীকো উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ৷, FIRST NEWS REPORT
Comments
Post a Comment