ৰঙিয়াত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নামভৰ্তিৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ

প্ৰতিবেদক, ৰঙিয়া ,২৪ জুনঃ মাৰাত্মক কৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই বেলি অসম চৰকাৰে সকলো ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি প্ৰক্ৰিয়া অনলাইন যোগে কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। সম্পূৰ্ণ বিনামূলীয়া এই নামভৰ্তিৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰী সকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় নাইবা খৰচ-পাতি নহয় তাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰঙিয়া শাখাই  এক  প্ৰশংসনীয় পদক্ষেপ  গ্ৰহণ কৰিছে। পৰিষদৰ ৰঙিয়া শাখাৰ সভাপতি হেমেন দাস আৰু  সম্পাদক জিতু কলিতাই জনোৱা মতে ৰঙিয়া চহৰ  তথা ইয়াৰ নিকটবৰ্তী অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এক বিবৃতিত তেওঁ লোকে কয় যে, কোভিট-১৯ৰ সংক্ৰমণৰ ফলত  উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কতৃপক্ষই অনলাইন যোগে নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ বিদ্যাৰ্থী পৰিষদৰ ৰঙিয়া শাখাই এই পদক্ষেপ হাতত লৈছে । অনলাইন নামভৰ্তি কৰাব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰয়োজনীয় নথি-পত্ৰ লগত লৈ পুৱা দহ  বজাৰ পৰা নিশা সাত বজালৈ ৰঙিয়াৰ ৱাৰ্ড নং- ৫ ৰ শংকৰদেৱ শিশু নিকেতনৰ চৌহদত থকা পৰিষদৰ কাৰ্য্যালয়ত উপস্থিতহৈ নামভৰ্তি কৰাব পাৰিব । ইচ্ছুক  ছাত্ৰ-ছাত্ৰীসকলক ৯১০১৬-৯৭০০২, ৭৪২৯৬-৪৪১৪১, ৭০০২৯-৪৫৭৮ ৭ নাইবা ৯৯৫৭৫-৯২১৬৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।নামভৰ্তি কৰাবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলে কো'ভিড-১৯ৰ সকলো নীতি নিয়ম বিশেষকৈ সামাাজিক দুৰত্ব বজায় ৰাখি বাধ্যতামূলক ভাৱে  মাস্ক পৰিধান কৰি আহিব লাগিব বুলি বিবৃতিত উল্লেখ কৰা হয়। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলে সজাগতা বৰ্তাই ৰাখিব লাগিব ।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ৰঙিয়া শাখাৰ সভাপতি হেমেন দাস, সম্পাদক জিতু কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শালৈ, সদস্য দেৱজিৎ ঘোষ, ৰূপজ্যোতি দাস, হিমাংশু লহকৰ, অভিজিৎ দাস আৰু বিশাল কলিতাৰ লগতো যোগাযোগ কৰিব পাৰিব বুলি বিবৃতিত প্ৰকাশ। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা