গোলাঘাটত শিক্ষিত নিৱনুৱা যুৱকৰ স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন
গোলাঘাট, ২৭ জুন :---- "কৰ্ম ই ধৰ্ম " এই বাক্যশাৰী সাৰোগত কৰি শিক্ষিত হৈও চাকৰি মুখী নহৈ কৰ্ম সংস্কৃতিৰে স্বাৱলম্বী হ'ব খুজিছে গোলাঘাট খুমটাইৰ এজন কম বয়সীয়া যুৱক লোকেন তামূলী। বহুজন নিৱনুৱা যুৱককো সামৰি লোৱা লোকেন তামূলীক সহযোগ কৰিছে তেওঁৰ একান্ত বন্ধুবৰ্গ উপেন শইকীয়া , দিগন্ত শইকীয়া , প্ৰাঞ্জল গগৈ ,সীমান্ত বৰা আদি কেইবাজনো বন্ধুয়ে। কৰ্মসংস্কৃতিৰ যোগেদি আয়ৰ পথ বিচাৰি গঠন কৰিলে " সুৰুজমুখী " নামেৰে এটা সৰু প্ৰতিষ্ঠানৰ। ২০১৯ চনত গঠন হোৱা এই প্ৰতিষ্ঠান ৰ যোগেদি ইতিমধ্যে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনৰ ঘৰত জংঘল পৰিষ্কাৰ কৰা , নলা -নৰ্দমা পৰিষ্কাৰ কৰা ,ঘৰ ৰং কৰা, পানীৰ পাইপ সংযোগ কৰা, বিদ্যুৎ সংযোগ কৰা, টাইলচ্ লগোৱা , শৌচাগাৰ আৰু টেংকি পৰিষ্কাৰ কৰা, চি চি টি ভি সংযোগ কৰা আদি কামেৰে প্ৰতিষ্ঠানটিৰ লগতে নিজৰো এক সুকীয়া চিনাকি দিবলৈ সক্ষম হৈছে। অতি কম মূল্যতে কৰা এই প্ৰতিষ্ঠানৰ মূল আদৰ্শ হৈছে "বিশ্বাসযোগ্যতা" । যিটো সময়ত অসমৰ নিৱনুৱা যুৱক চাকৰি বিচাৰি বহি: ৰাজ্যলৈ গমন কৰে সেই সময়ত শিক্ষিত হৈও এওঁলোকে চাকৰি নামত হাবাথুৰি নাখায় কৰ্মৰে স্বাৱলম্বী হবলৈ চেষ্টা কৰিছে। নিশ্চয়কৈ সুন্দৰ আৰু সাহসী পদক্ষেপ । ইতিমধ্যে গোলাঘাটৰ লগতে অসমৰ বিভিন্ন অঞ্চলত এনেদৰে এটা বিশাল নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে "সুৰুজমুখী" । জানিব পৰা মতে , অসমৰ বিভিন্ন অঞ্চলৰ বহু নিৱনুৱা যুৱক এঈ প্ৰতিষ্ঠানৰ লগত সংযোগ হৈছে। নিশ্চয়কৈ অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত নিজৰ চিনাকি লাভ কৰক এই প্ৰতিষ্ঠানে। তেওঁলোকৰ কৰ্ম ই কেৱল ৰাইজৰ উপকাৰ সাধন কৰাই নহ'য় । মুকলি হওঁক বহু নিৱনুৱাৰ পেটৰ ভাতমুঠি লগতে আন দহজন নিৱনুৱাৰ বাবে এক আদৰ্শ হওঁক " সুৰুজমুখী " ।
Comments
Post a Comment