উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ তৃতীয় স্থান প্ৰাপক সংগীতা দাসক ৰঙিয়া মহকুমা প্ৰশাসনৰ উষ্ম সম্বৰ্ধনা

কৃতিমানক আগবঢ়াই নিয়াত মই সদায় আগ্ৰহী: অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ 

প্ৰতিবেদক, ৰঙিয়া,২৫ জুন: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাৰ আজি ঘোষণা কৰা ফলাফলত প্ৰথম দহটা স্থানৰ ভিতৰত  তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ প্ৰাগমেটিক একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী সঙ্গীতা দাসক আজি ৰঙিয়া মহকুমা প্ৰশাসনে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । এই উপলক্ষে আজি কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ পৌৰহিত্যত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ।  কৃতি ছাত্ৰীগৰাকীক অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে এখন ফুলাম গামোচা, এটা জাপি আৰু এখন পিতলৰ শৰাইৰে অভিনন্দন জ্ঞাপন কৰে । কৃতি ছাত্ৰীগৰাকীৰ ফলাফলে ৰঙিয়া মহকুমাৰ সুনাম কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ''কৃতিমানক আগবঢ়াই নিয়াত মই সদায় আগবঢ়াই আগ্ৰহী" বুলি সভাত বক্তব্য আগবঢ়ায় । ভাষণত তেখেতে সমগ্ৰ ৰঙিয়া মহকুমাৰ শিক্ষাৰ্থী সকলৰ ভৱিষ্যৎ উত্তোৰণত উৎসাহ প্ৰদান কৰে । মহকুমা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্তদ্বয় ক্ৰমে ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা আৰু ভাৰপ্ৰাপ্ত নিৰ্বাচন বিষয়া অপ্ৰতীম গোস্বামীয়ে কৃতিমান সংগীতা দাসৰ পিতৃ-মাতৃকো মহকুমা প্ৰশাসনৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধনা সভাত ভৱিষ্যতে আই এ এছ বিষয়া হোৱাৰ কথা ব্যক্ত কৰি কৃতিমান সংগীতা দাসে মনত শংকা নৰখাকৈ সকলোৱে যি পাৰে নিজে চেষ্টা কৰিব লাগে বুলি মনৰ ভাব ব্যক্ত কৰে ।  এই ক্ষেত্ৰত পিতৃ-মাতৃ, আত্মীয়, শিক্ষাগুৰু আৰু সম্বৰ্ধনা জনোৱা বাবে ৰঙিয়া মহকুমা প্ৰশাসনক ধন্যবাদ জনায় ছাত্ৰীগৰাকীয়ে । সহকাৰী আয়ুক্তদ্বয় চম্পক ডেকা, অপ্ৰতীম গোস্বামী আৰু ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে বক্তব্য উপস্থাপন কৰা এই সভাত ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সমন্বিতে সাংবাদিকবৃন্দ উপস্থিত থাকে । উল্লেখ্য যে,
কলা শাখাৰ ইংৰাজী, অসমীয়া, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত সৰ্বমুঠ ৪৭৩ নম্বৰ (৯৪.৬%) লাভ কৰি ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ সংগীতা দাসে । লকডাউনৰ মাজতো ছাত্ৰীগৰাকীৰ এনে আশানুৰূপ ফলাফলে সমগ্ৰ  ৰঙিয়া মহকুমালৈ  এক আশাৰ বন্যা কঢ়িয়াই আনিছে।ইতিমধ্যে ছাত্ৰী গৰাকীক ৰঙিয়াৰ বিভিন্ন দল সংগঠনে অভিনন্দন জনোৱাৰ লগতে ৰঙিয়া আঞ্চলিক কৰ্মচাৰী পৰিষদ সাধাৰণ সম্পাদক লৱ কুমাৰ দাসে শুভেচ্ছা জ্ঞাপন কৰে। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা