গোলাঘাটৰ বৰ্ষীয়মান প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জয়মতী গোঁহাই ৰ মৃত্যু

গোলাঘাট ,৩০ জুন :---আজি পুৱা গোলাঘাটৰ দণ্ডধৰ ছোৱালী হাইস্কুলৰ বৰ্ষীয়মান প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জয়মতী গোঁসাই ৰ পৰলোকপ্ৰাপ্তি হ'য়। ১৯৪৫ চনত সেইসময়ৰ গোলাঘাটৰ  একমাত্ৰ ছোৱালী স্কুল দণ্ডধৰ ছোৱালী বিদ্যালয় ত  নৱম মান শ্ৰেণীত নাম ভৰ্ত্তি হৈ পিছলৈ উক্ত বিদ্যালয়তে শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰা প্ৰয়াত গোঁসাই  প্ৰধান শিক্ষয়িত্ৰী ৰূপে ১৯৮৯ চনত  সেই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। বিদ্যালয়ৰ নীতি - নিয়ম ৰক্ষাৰ  ক্ষেত্ৰত  কঠোৰ  অনুশাসনৰ লগতে ছাত্ৰীসকলৰ পঢ়াৰ দিশত  অধিক মনোনিবেশনত  অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বাইদেউ সকলো ছাত্ৰীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। বয়সে হাৰ মনাব নোৱাৰা এই জেষ্ঠ্য শিক্ষয়িত্ৰী গৰাকী আজিৰ পৰা বহুবছৰ ধৰি শৰ্যাগত হৈ আছিল যদিও আজি পুৱা নিয়তিৰ ওচৰত হাৰ মানি এই সংসাৰ ত্যাগ কৰে। আজি পুৱা তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গোলাঘাটত এক শোকাকুল পৰিবেশৰ সৃষ্টি হ'য়। বিশেষকৈ  তেখেতৰ সান্নিধ্য লাভ কৰা প্ৰাক্তন ছাত্ৰী সকলৰ মাজত শোকৰ ছাঁ পৰিছে। বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী সমাৰোহ সমিতিৰ হৈ সভাপতি জীনা বৰুৱা আৰু সাধাৰণ সম্পাদিকা মীনাক্ষী ফুকনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা