দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী শিৱানী বৰালৈ সহায়ৰ হাত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ জুনঃ দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ আৰ্থিক দীনতাত পৰি যাতে দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰী অধ্যয়ণৰ পৰা বঞ্চিত হ’ব নোৱাৰে তাৰ বাবে পূৰ্বৰে পৰা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুয়ে বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছে ৷ আনকি শিক্ষা জীৱনৰ দিশ নিৰূপক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতেই আছুয়ে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শুভেচ্ছা জনোৱাৰ লগতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে ৷ যাতে কোনো মেধাবী ছাত্ৰ-ছাত্ৰীয়েই অৰ্থৰ অভাবত পঢ়াশুনাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। শেহতীয়াভাবে এনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰিছে নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই ৷ জিলাখনৰ মাজ-জাজৰিৰ শিৱানী বৰা নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰীগৰাকীৰ কাষত ঠিয় দিছে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থা ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক দৈন্যতাকো নেওচি বহু কষ্টৰে অধ্যয়ণ কৰি ৯০ শতাংশ নম্বৰ অৰ্জনেৰে ডিষ্টিংচন পাবলৈ সক্ষম হোৱা শিৱানী বৰাৰ উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ষৰ সম্পূৰ্ন কিতাপ পত্ৰ আৰু যাৱতীয় খৰছ বহন কৰাৰ দায়িত্ব লয় হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই। সেই মৰ্মে, সোমবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মাৰ নেতৃত্বত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা আহাদুৰ ৰহমান, উপ সভাপতি মিটু মনি ফুকন, আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সীমান্ত বৰাক লৈ গঠিত এটি সজাতি দল মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰৱৰ্তী পাঠ্যক্ৰমৰ দৰকাৰী সকলো কিতাপ-পত্ৰ আৰু কলেজৰ পোছাক ছাত্ৰীগৰাকীৰ হাতত অৰ্পন কৰে ৷ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে। 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা