হাউলীৰ কালঝাৰ নিশা ডাম্পাৰ চুৰি
হাউলীৰ কালঝাৰ নিশা এক ডাম্পাৰ চুৰিৰ ঘটনা সংঘটিত হৈছে । কালঝাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মানাস কেচাৰ মিলৰ সন্মুখৰ পৰা নিশা কোনো চোৰে ৬ চকীয়া AS 01 AC 3035 নম্বৰৰ S মডেলৰ ছুৰুত জামালৰ নামৰ ব্যক্তিৰ নামত থকা ডাম্পাৰ খন চুৰি কৰি লৈ যায় । ডাম্পাৰ খনৰ গৰাকীয়ে ইতিমধ্যে আৰক্ষীৰ কাষচাপিছে যদিও এতিয়া সন্ধান পোৱা নাই গাঢী খনৰ । কোনো লোকে গাড়ী খনৰ সম্ভেদ পালে হাউলী অথবা 9859053938 নম্বৰত যোগাযোগ কৰিবলৈ অনোৰধ জনাইছে গাড়ীখনৰ গৰাকীয়ে ।
বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপৰ্ট ফাৰ্ষ্ট নিউজ।
Comments
Post a Comment