বিপদজনক অৱস্থাত আছেৰূপনগৰ মুক্তি যুঁজাৰু পথস্থিত চাহ জনজাতি কল্যাণ সঞ্চালকালয়, অসমৰ ট্ৰেন্সফৰ্মাৰ
ষ্টাফৰিপৰ্টাৰ, কৃত্ৰিমবানৰ সমস্যাত বিগত কেইবাদিন ধৰি ককবকাই থকাৰ সময়তে এতিয়া ৰূপনগৰ মুক্তি যুঁজাৰু পথবাসীয়ে এটা ট্ৰেন্সফৰ্মাৰৰ আতংকত নিশা উজাগৰে থাকিব লগীয়া হৈছে। ৰূপনগৰ মুক্তি যুঁজাৰু পথস্থিত
চাহ জনজাতি কল্যাণ সঞ্চালকালয়, অসমৰ চৌহদত থকা এই ট্ৰেন্সফৰ্মাৰটো দীৰ্ঘদিন ধৰি বিপদজনক অৱস্থাত থকাৰ পাছতো কাণসাৰ নাই সঞ্চালকালয় কৰ্তৃপক্ষৰ। প্ৰাপ্ত তথ্য অনুসৰি
বিদ্যুৎ বিভাগৰ পৰা বাৰম্বাৰ ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰাৰ নিৰ্দেশ দিযাৰ পাছতো সঞ্চালকালয় কৰ্তৃপক্ষই
কোনো গুৰুত্ব আৰোপ নকৰিলে। যাৰ বাবে এতিয়া স্থানীয় বাসিন্দা সকলে আতংকৰ মাজত দিন কটাব লগীয়া হৈছে। কিছুদিন পূৰ্বে এই ট্ৰেন্সফৰ্মাৰটো জ্বলি উঠাৰ লগতে সোমাবাৰে নিশাৰ ভাগত পুনৰ জ্বলি উঠে। মনকৰিবলগীয়া যে স্থানীয় আবাসিক এলেকাৰ মাজত থকা সঞ্চালকালয় কৰ্তৃপক্ষই ব্যক্তিগতভাৱে ট্ৰেন্সফৰ্মাৰটো সঞ্চালকালয় চৌহদত স্থাপন কৰিয়েই দায়িত্ব সামৰিছে। ট্ৰেন্সফৰ্মাৰটোৰ কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত মাজে মাজে জুই জ্বলি উঠে আৰু স্থানীয় বাসিন্দাৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উল্লেখ্য
সোমবাৰে নিশা হঠাৎ জ্বলি উঠে এই ট্ৰেন্সফৰ্মাৰটো, নিশা প্ৰায় ১২.১৫ বজাত হঠাৎ জ্বলি উঠে ট্ৰেন্সফৰ্মাৰটো। লগে লগে জুইৰ ফিৰিঙতি চাৰিওফালে চিটিকি পৰে। ইয়াকলৈ স্থানীয় বাসিন্দাৰ মাজত আতংকৰ সৃষ্টি হয়। স্থানীয় বাসিন্দা সকলে প্ৰথমে ১০০ ডায়েল কৰি আৰক্ষীক অৱগত কৰাৰ লগতে বিদ্যুৎ বিভাগৰ জৰুৰীকালীন সেৱাত সমস্যা সম্পৰ্কে জনায়। তাৰ কিছু সময়ৰ পাছতে উলুবাৰী ইলেকট্ৰিচিটি
চাব-ডিভিজনৰ পৰা অহা কৰ্মচাৰী সকলে তৎক্ষণাত
ট্ৰেন্সফৰ্মাৰটোৰ বিজুলী সংযোগ কাটি দিয়ে। মনকৰিবলগীয়া যে সঞ্চালকালয় চোৱা চিতাৰ বাবে থকা কৰ্মচাৰী কেইজনক নিশা স্থানীয় বাসিন্দাই বাৰম্বাৰ চিঞৰি চিঞৰি মতাৰ পাছতো কোনো এজন কৰ্মচাৰী ওলাই নহাত অৱশেষত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে সঞ্চালকালয়ৰ
প্ৰৱেশ দ্বাৰৰ ওপৰেৰে পাৰ হৈ সঞ্চালকালয়ৰ চৌহদত প্ৰৱেশ কৰি ট্ৰেন্সফৰ্মাৰটোৰ বিজুলী সংযোগ কৰ্তন কৰিবলগীয়া হয়। ইয়াকলৈ স্থানীয় বাসিন্দা সকলে ক্ষোভ উজাৰে। আনহাতে নিশা ট্ৰেন্সফৰ্মাৰটোৰ বিজুলী সংযোগ কৰ্তন কৰি দিয়াৰ ফলত স্থানীয় ৰাইজে কিছু পৰিমাণে সকাহ লাভ কৰে। এই পথটোৰে স্থানীয় বাসিন্দাসকলৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা বোৰ আছে। গতিকে যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা এই পথটোত সংঘটিত হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত সঞ্চালকালয় কৰ্তৃপক্ষক অৱগত কৰিবলৈ মঙলবাৰে স্থানীয় বাসিন্দা সকলে বাৰম্বাৰ ফোন কৰাৰ পাছতো সঞ্চালকালয় কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ স্থানীয় বাসিন্দা সকলে উত্থাপন কৰে। ইফালে স্থানীয় বাসিন্দাৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ ভ্ৰূক্ষেপ
নকৰাকৈ পুনৰ মঙলবাৰে দুপৰীয়াৰ ভাগত বিদ্যুৎ
বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা ট্ৰেন্সফৰ্মাৰটোৰ বিজুলী পুনৰ সংযোগ কৰি দিয়া হয়। পুনৰ যদি এই ট্ৰেন্সফৰ্মাৰটোৰ জ্বলি উঠে তেনেহ'লে তাৰ বাবে
সঞ্চালকালয় কৰ্তৃপক্ষ দায়ী হ'ব বুলি স্থানীয় বাসিন্দা একেমুখে মন্তব্য কৰে। লগতে অতিশীঘ্ৰে এই ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি তুলিবলৈ পুনৰ
সঞ্চালকালয় কৰ্তৃপক্ষক আহ্বান জনায়। অন্যথা স্থানীয় ৰাইজে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে।
Comments
Post a Comment