সামৰণি পৰিল ভেলাখামাৰৰ পূৱালী সংঘৰ বৃক্ষৰোপণ কাৰ্যসূচীৰঃতিনি কিলোমিটাৰ দৈৰ্ঘৰ পথৰ দুয়োকাষে ৰুলে বিভিন্ন প্ৰজাতিৰ গছৰ পুলি
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিগত ৫ জুনৰ পৰা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেলাখামাৰত বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছিল স্থানীয় পূৱালী সংঘৰ সদস্য বৰ্গই ৷ প্ৰাকৃতিক ভাৰসাম্যতা অটুট ৰখাৰ লগতে সৌন্দৰ্য বৰ্দ্ধনৰ দৰে মহান উদ্দেশ্য হাতত লৈ আৰম্ভ কৰা এই কাৰ্যসূচীত সংঘৰ সদস্য সকলে প্ৰায় তিনি কিলোমিটাৰ পথৰ দুয়োপাৰে বৃক্ষৰোপণ কৰে ৷ কৃষ্ণাই লালাবৰি গড়কাপ্তানি পথৰ হাবৰাঘাটৰ পৰা ভেলাখামাৰ হৈ পাখিৰীগুৰি পৰ্যন্ত এই তিনি কিলোমিটাৰ দৈৰ্ঘৰ পথৰ দুয়োকাষে নাহৰ,এজাৰ,বকুল,দেৱদাৰু,আমলখি,জলফাই,শিলিখা,কৃষ্ণচূড়া আদিকে ধৰি বিভিন্ন
প্ৰজাতিৰ ফল ফুলৰ পুলি ৰোপণ কৰে সদস্য বৰ্গই ৷ পূৱালী সংঘৰ এই সুন্দৰ পদক্ষেপত গছপুলি প্ৰদানৰ লগতে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ায় কৃষ্ণাই আঞ্চলিক বন বিষয়া শিবাণী পেগু তথা কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাঁই ৷ উল্লেখ্য যে , কৃষ্ণাই আঞ্চলিক বন বিষয়া শিৱাণী পেগুয়ে ভেলাখামাৰ পূৱালী সংঘৰ যুৱক সকলে আয়োজন কৰা বৃক্ষৰোপণ কাৰ্যসূচীৰ প্ৰথম দিনা উপস্থিত থাকি নিজ হাতে দুটি গছৰ পুলি ৰোপণ কৰি সংঘৰ সদস্যৰ লগতে কৰ্মকৰ্তা সকলক উৎসাহিত কৰে ৷ পূৱালী সংঘৰ পৰিচালনা সমিতিয়ে এই দীঘলীয়া বৃক্ষৰোপণ কাৰ্যসূচীত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বন বিষয়া শিৱাণী পেগু আৰু আৰক্ষী বিষয়া ৰতন ভূঞাঁৰ শলাগ লৈছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report
Comments
Post a Comment