বৰপেটাত গাঁওবুঢ়াৰ মাজত আনুষ্ঠানিকভাৱে স্মাৰ্টফোন বিতৰণ
২০ জুন ● পৰিবৰ্তিত সময়ৰ সৈতে খাপ খুৱাই গাঁওবুঢ়া সকলকো স্মাৰ্ট মোবাইল ফোনেৰে সংযোজিত কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিজন গাঁওবুঢ়াক একোটাকৈ স্মাৰ্ট ফোন প্ৰদান কৰিবলৈ লৈছে । কালি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটি অনুষ্ঠানত অসম চৰকাৰৰ হাউছফেডৰ অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, ক'ৰোনা ভাইৰাছ জনিত মহামাৰী প্ৰতিৰোধৰ যুজঁত বৰপেটা জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে গাঁওবুঢ়া সকলে আগবঢ়োৱা অৰিহণা আৰু উৎসৰ্গীকৃত সেৱাৰ ভূয়সী প্ৰশংসা কৰে । চৰকাৰৰ দৃঢ় পদক্ষেপ আৰু বিষয়া-কৰ্মচাৰী সকলৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই অসমত ক'ৰোনাই সামাজিক সংক্ৰমণৰ ৰূপ ধাৰণ কৰা নাই বুলি তেওঁ উল্লেখ কৰে যদিও ৰাইজক সতৰ্কতা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা সভাখনত বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ দিয়ে । জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আদৰণি ভাষণত কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ ক্ৰমে অসমৰ প্ৰতিখন গাঁৱৰ গাঁওবুঢ়া সকলক স্মাৰ্টফোন যোগান ধৰা হৈছে, যাতে পৰিবৰ্তিত পৰিবেশ আৰু প্ৰযুক্তিৰ সৈতে খাপ খোৱাই তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য অধিক পাৰদৰ্শিতাৰে সম্পন্ন কৰিব পাৰে । তেওঁ জানিবলৈ দিয়া মতে বৰপেটা জিলাত বৰ্তমান সক্ৰিয় হৈ থকা ৪০৮ জন গাঁওবুঢ়াৰ প্ৰত্যেককে ছেমছাং কোম্পানীৰ এই স্মাৰ্ট ফোন প্ৰদান কৰা হ'ব । সভাত প্ৰতিটো ৰাজহ চক্ৰৰে ২০ জনকৈ গাঁওবুঢ়া উপস্থিত থাকি ফোন গ্ৰহণ কৰে । অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিয়ে সভাত শলাগৰ শৰাই আগবঢ়ায় ।
Comments
Post a Comment