বঙাইগাঁও জিলাত সদ্যজাত কন্যা শিশুৰ লগতে মাতৃৰ দেহতো কোভিড- ১৯ পজিটিভ
বঙাইগাঁওঃ ৩০ জুনঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ ব্লক পি এইছ চিৰ অধীনৰ পাতিলাদহা বাঁওবাৰী গাঁৱৰ এগৰাকী প্ৰসূতি মহিলাৰ দেহত কোভিড ১৯ ৰোগৰ অৱস্থিতি ধৰা পৰাত চিন্তিত কৰি তুলিছে পৰিয়াল, আত্মীয় আৰু ৰাইজক ৷ আজি জিলা প্ৰশাসনে সদৰি কৰা মতে পাতিলাদহাৰ গৰ্ভৱতী মহিলা গৰাকীক ২৪ জুনত মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত স্বামী আৰু শাহুৱেকৰ লগত গৈছিল ৷ পিচত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীক বৰপেটা জিলাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে ৷ সেই অনুসৰি গৰ্ভৱতী মহিলা গৰাকীক স্বামী, শাহু আৰু আশা কৰ্মীয়ে ব্যক্তিগত বাহনেৰে লৈ যায় ৷ ২৫ জুনত মহিলা গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে ৷ সিদিনাই স্বামী আৰু আশা কৰ্মীয়ে প্ৰাইভেট বাহনেৰে ঘৰলৈ উভতি আহে ৷ ২৭ জুনত প্ৰসূতি মাতৃৰ লগতে দেৱ শিশুটিৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে ৷ ২৮ জুনৰ দিনা মাতৃ আৰু কন্যা সন্তানটিক ঘৰলৈ অনাৰ পাছতে কালি অৰ্থাৎ ২৯ জুনত মাতৃ আৰু দেৱ শিশুটিৰ নমুনা পৰীক্ষাৰ ফলাফলত দুয়োৰে দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰে ৷ ইয়াৰ পাছতে বঙাইগাঁও জিলা প্ৰশাসনে তৎপৰতাৰে কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱা প্ৰসূতি মাতৃৰ লগতে দেৱ শিশুটিক আজি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত নিয়াৰ ব্যৱস্থা কৰে ৷
Comments
Post a Comment