নলবাৰী জিলাত সান্ধ্য আইন ঘোষণা
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা সমগ্ৰ নলবাৰী জিলাতেই আজি সান্ধ্য আইন ঘোষণা কৰা হৈছে ৷ নলবাৰীবাসীৰ জ্ঞাতাৰ্থে জনোৱা হয় যে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ এক নিৰ্দেশনাযোগে সমগ্ৰ নলবাৰী জিলাতে প্ৰযোজ্য হোৱাকৈ আজিৰে পৰা সন্ধিয়া ৭-০০বজাৰ পৰা পুৱা ৭-০০বজালৈ এই সান্ধ্য আইন বলবৎ থাকিব। গতিকে সন্ধিয়া ৭-০০বজাৰ পৰা পুৱা ৭-০০ বজালৈ জৰুৰী সেৱাৰ বাহিৰে নলবাৰী জিলাৰ সকলো দোকান-পোহাৰ, যান-বাহন আদিৰ চলাচল বন্ধ থাকিব ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment