নলবাৰী জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উপলক্ষে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ জুন*

পশ্চিম নলবাৰীৰ ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ বিদ্যালয়খনৰ অধ্যক্ষ দিবাকৰ ডেকাই জানিবলৈ দিয়ামতে চিত্ৰাংকন প্ৰতিযোগিতাখন দুটা শাখাত আৰু ৰচনা প্ৰতিযোগিতাখন অন্য দুটা শাখাত অন্তৰ্ভুক্ত কৰি অংকুৰ আৰু প্ৰাক্ প্ৰাথমিক শ্ৰেণীক ক-শাখা হিচাপে লৈ যিকোনো ভালপোৱা ছবি, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক খ-শাখা হিচাপে লৈ জাতীয় পতাকাৰ ছবি আঁকিব পাৰিব বুলি বিদ্যালয়খনৰ অধ্যক্ষ দিবাকৰ ডেকাই জানিবলৈ দিয়ে ৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীক গ-শাখা হিচাপে লৈ স্বাধীনতা দিৱস বিষয়ক ৰচনা আৰু পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীক ঘ-শাখা হিচাপে লৈ স্বাধীনতা দিৱসৰ তাৎপৰ্য শীৰ্ষক ৰচনা লিখিব লাগিব বুলিও অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷ ৰচনা প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে বগা কাগজৰ এপিঠিত ১৫০ টা শব্দৰ ভিতৰত লিখি অহা ১ আগষ্টৰ ভিতৰত বিদ্যালয়ত জমা দিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে ঘৰতেই লিখি অভিভাবক-অভিভাবিকাৰ দ্বাৰাই বিদ্যালয়ত জমা দিব পাৰিব ৷ 

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা