লোক সংস্কৃতিৰ গৱেষক পণ্ডিত চাও লোকেশ্বৰ গগৈ মৃত্যু

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুনঃ অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক, পণ্ডিত চাও লোকেশ্বৰ গগৈ আজি বিয়লি নগাঁও জিলাৰ ৰহাৰ নিজা বাসভৱনত মৃত্যু হয় ।  বিগত কিছু দিন ধৰি অসুস্থ লোক সংস্কৃতিৰ গৱেষক গৰাকীক কিছু দিন পূৰ্বে গুৱাহাটীৰ জি এন আৰ চি হাস্পতালৰ পৰা চিকিৎসা সেৱা প্ৰদান কৰাৰ অন্তত ঘৰলৈ অনা হৈছিল যদিও আজি লোক সংস্কৃতিৰ গৱেষক গৰাকীয়ে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়। বিশিষ্ট চিন্তাবিদ গৰাকীয়ে অসমৰ লোক সংস্কৃতিৰ শীৰ্ষক বৃহৎ কলেৱৰৰ চাৰিটা খণ্ডৰ প্ৰণেতা আছিল। লোক সংস্কৃতিৰ গৱেষক গৰাকীৰ মৃত্যুত ৰাজ্য খনৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত শূণ্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা