মেঘা মজুমদাৰ , শিৱানুজ বৰকতকীয়ে শিৱসাগৰ জিলাক গৌৰাম্বিত কৰিলে
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৫ জুন : আজি ঘোষণা কৰা উচ্চত্বৰ মাধ্যমিক শীৰ্ষান্ত পৰীক্ষাৰ ফলাফলত দুগৰাকী ছাত্র-ছাত্রীয়ে অসমৰ ভিতৰত অষ্টম , আৰু নৱম স্থান লাভেৰে শিৱসাগৰ জিলাখনলৈ গৌৰাম্বিত কৰিলে | প্ৰথম ১০ টা স্থানৰ দুটাকৈ স্থানত দুগৰাকী পৰীক্ষাৰ্থীয়ে স্থান দখল কৰিছে বাণিজ্য শাখাত অষ্টম , আৰু বিজ্ঞান শাখাত নৱম স্থান দখলেৰে |
উচ্চত্বৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গত বৰ্ষতকৈ শিৱসাগৰে অধিক যোগাত্মক জয়যাত্ৰাৰে আনন্দৰ বণ্যা বোৱাবলৈ সক্ষম হয় ।শিৱসাগৰ নগৰৰ বাবুপট্টীৰ দিলীপ মজুমদাৰ কণ্যা মেঘা মজুমদাৰে ৫৫৩ নম্বৰ লাভাৰে অষ্টম স্থান দখলৰ বিপৰিতে বিজ্ঞান শাখাত আমগুৰি অৰুনোদয় একাডেমি ছাত্র আমগুৰিৰ সঞ্জীৱ বৰকতকীৰ পুত্র শিৱানুজ বৰকতকীয়ে ৯৪.৮% ৰে নৱম স্থান দখল কৰিবলে সক্ষম হয় |
আনহাতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ে ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণৰে পূৰ্বৰ জয়যাত্রা অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত শিৱসাগৰ বাসীয়ে শলাগ লয় | বিদ্যালয়খনৰ পৰা বিজ্ঞান শাখাত মুঠ ৫২ গৰাকীৰ ভিতৰত ৬ গৰাকী ষ্টাৰসহ ৪০ গৰাকীয়ে প্ৰথম , ১১ গৰাকী দ্বিতীয় , ১ গৰাকী তৃতীয়ৰ বিপৰিতে ক'লৰ মুঠ ৭৬ গৰাকীৰ ১১ গৰাকী ষ্টাৰসহ ৪৮ প্ৰথম , ২৬ দ্বিতীয় , ২ গৰাকী তৃতীয় , আৰু বাণিজ্য শাখাত মুঠ ৫৭ ৰ ভিতৰৰ ১ গৰাকী ষ্টাৰসহ ১০ প্ৰথম , ৩২ গৰাকী দ্বিতীয় , ১৬ গৰাকীয়ে তৃতীয় , ভকেচনেলৰ মুঠ ১০ গৰাকীৰ ৩ গৰাকী প্ৰথম ৬ গৰাকী দ্বিতীয় ,১ গৰাকী তৃতীয় স্থানেৰে ১০০% হাৰেৰে বিদ্যালয়খনৰ সুনাম অক্ষুন্নতা ৰক্ষা কৰি গৌৰাম্বীত কৰিলে | শলগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ১০৫ গৰাকীৰ ভিতৰৰ ১০৩ উত্তীৰ্ণ হয় | ২ গৰাকী ষ্টাৰসহ ১৭ গৰাকী প্ৰথম , ৪৭ দ্বিতীয় , ৪০ গৰাকী তৃতীয় | বানমূখ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৯৮ গৰাকীৰ ১৩ গৰাকী প্ৰথম , ৪৩ দ্বিতীয় , ৪০ গৰাকী তৃতীয় স্থানেৰে ১০০% উত্তীৰ্ণ হৈ বিদ্যালয়খন জয়যাত্রা অক্ষুন্ন ৰাখে |
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |
Comments
Post a Comment