ল’কডাউনত শিল্পী সকলে সন্মুখীন হোৱা দুৰ্যোগ সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে সংস্কাৰ ভাৰতীৰ সভা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ জুনঃ ল’কডাউনৰ পৰিপ্ৰেক্ষিতত শিল্পী সকলে সন্মুখীন হোৱা দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰ ভাৰতীৰ পূৰ্বোত্তৰৰ ক্ষেত্ৰ প্ৰমুখ ধনঞ্জয় কুশ্ৰেৰ প্ৰচেষ্টাত সোমবাৰে নিশা সামাজিক মাধ্যমৰ জড়িয়তে সংস্কাৰ ভাৰতীৰ অসম প্ৰান্তৰ ন-পুৰণি কাৰ্যকৰ্তা সকলৰ এখনি অনলাইন সভা অনুষ্ঠিত কৰা হয়। সংস্কাৰ ‌ভাৰতীৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আমিৰ চান্দ, সম্পাদক তথা ‌অসমৰ প্ৰভাৰী অশোক তিৱাৰী, অসম প্ৰান্তৰ সভাপতি নৃপেন কলিতা, সম্পাদক প্ৰনৱ চক্ৰবৰ্তীকে  প্ৰমুখ্য কৰি অসমৰ ২৮ টা অঞ্চলৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰা এই অনলাইন সভাখনিত ল’কডাউনৰ সময়ছোৱাত শিল্পী সকলৰ জীৱন সংগ্ৰামৰ বিষয়ত বিশদ ভাৱে আলোচনা কৰা হয়। সভাত সংস্কাৰ ভাৰতী উপ সমিতিসমূহৰ সহযোগত শিল্প সাধনাৰে জীৱন নিৰ্বাহ কৰা উত্তৰ-পূৱৰ দুই হাজাৰ ক্ষতিগ্ৰস্ত শিল্পীৰ এখনি তালিকা প্ৰস্তুত কৰি পৰ্যায়ক্ৰমে তেওলোকক সহায় সহযোগ আগবঢ়োৱাৰ বিষয়ত প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা