জামুগুৰিহাটত পুনৰ তিনি জনৰ দেহত ক'ভিড-১৯

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট, ২৮ জুন:- জামুগুৰিহাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'না আক্ৰান্তৰ সংখ্যা ।আজি পুনৰ তিনি গৰাকীৰ দেহত কৰ'না ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে ।স্বাস্থ্য বিভাগৰ ফালৰ পৰা  বিয়লিৰ ভাগত প্ৰকাশ কৰা তথ্য অনুসৰি নতুনকৈ ক'ভিড-১৯ পজিতিভত আক্ৰান্ত তিনি গৰাকী হৈছে জামুগুৰিহাটৰ কুসুমটোলাৰ নিকটৱৰ্ত্তী পিঠাগুৰি দৌলৰ সুনীতা দেৱী(২০) চুনু দাস(২০)আৰু কমলেশ কুমাৰ । যোৱা ২৫ জুনত এই তিনিও গৰাকী পশ্চিমবঙ্গৰ শিলিগুৰিৰ পৰা আহি কুসুমটোলাৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ কোৱাৰেন্টীন শিবিৰত ভৰ্তি হৈ আছিল ।অৱশ্যে তিনিও গৰাকীকে কোৱাৰেন্টীন শিবিৰত ভৰ্তি কৰোৱাৰ পূৰ্বে তেজপুৰ বিশ্ববিদ্যালত থকা 'জনেল হেল্থ স্কিনিং ' চেন্টাৰত স্বাব পৰীক্ষা কৰা হৈছিল ।আজি বিয়লিৰ ভাগত প্ৰকাশ কৰা স্বাব পৰীক্ষাৰ ফলাফলত এই তিনিও গৰাকীৰ দেহত ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে।ক'ৰনাত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছতে তিনিওকে তেজপুৰ প'ৰৱাস্হিত ক'ভিড কেয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।আজি তিনি গৰাকীৰ দেহত নতুনকৈ ক'ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছত চতিয়া সমষ্টিৰ বৰ্তমানলৈকে ক'ৰনাত আক্ৰান্ত লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে ।

জোন বৰা,
জামুগুৰিহাট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা