বেবেজীয়াত মেট্ৰিক-উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুনঃ নগাঁও জিলাৰ বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ এলেকাধীন বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামুগুৰি মনবৰ নাথ মজলীয়া বিদ্যালয় আৰু বিৰহ বেবেজীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে পঞ্চায়তটোৰ উদ্যোগত তিনিখনকৈ সম্বৰ্ধনা সভা সামাজিক ব্যৱধান ৰক্ষা কৰি অনুষ্ঠিত কৰা৷হয় ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা যুগুৱাৰ অৰ্থে আয়োজিত এই সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আশীষ প্ৰদান কৰাৰ লগতে একোখনকৈ মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে অভিনন্দন জনায় ৷ ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই শিক্ষা জাতিৰ মেৰুদণ্ড বুলি উল্লেখ কৰি কয় যে--ছাত্ৰ-ছাত্ৰীসকলে সুশিক্ষাৰে শিক্ষিত হৈ সমাজলৈ এনে অৱদান আগবঢ়াই যাবলৈ চেষ্টা কৰিবা যাতে সমাজে সদায় তেওঁলোকৰ মনত ৰাখে ৷ বৰ্তমান নগাঁও খন শৈক্ষিক প্ৰাণকেন্দ্ৰলৈ উত্তৰণ ঘটাৰ এনে আনন্দপূৰ্ণ সময়ত আমি ক’ব পৰা হৈছোঁ যে পূৰ্বৰ চৰকাৰৰ দিনত এম এল এ, মন্ত্ৰীৰ লগত থকা সকলক আন একো চাকৰি দিব নোৱাৰিলেও অন্ততঃ এটা মাষ্টৰৰ চাকৰিকে দিছিল ৷ কিন্ত আজিৰ চৰকাৰে কোন সকল লোকক শিক্ষকৰ চাকৰি দিছে সেয়া সকলোৱে দেখিছে ৷ বিধায়ক শৰ্মাই লগতে নগাঁৱত বেলেগ ব্যৱসায় কি হৈছে নেজানো, কিন্ত নগাঁৱত পেয়িং গেষ্টৰ সংখ্যাই সৰ্বাধিক বুলি মন্তব্য কৰি নগাঁও এতিয়া শৈক্ষিক নগৰলৈ পৰিণত হোৱাৰ বিষয়েও বক্তব্যত আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত শিক্ষাৰে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ আহ্বান জনায় ৷ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা তিনিখন সভাৰ অন্যতম বেবেজীয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে ৷ বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিদ্যালয়খনৰ অধ্যক্ষ উপেন বৰা, তিৱা স্বায়ত্ত্ব পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ, খাগৰিজান মণ্ডল বিজেপিৰ সভাপতি হৰি চৰণ ডেকা, প্ৰবীণ কণ্ঠশিল্পী গম্ভীৰ নাথ, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ শৰ্মা আদি ব্যক্তি সকল উপস্থিত থাকে ৷
Comments
Post a Comment