পুণেত অনলাইনত ব্যতিক্ৰমী ৰূপত বিষ্ণু ৰাভা দিৱস উদযাপন

পুণেত অনলাইনত ব্যতিক্ৰমী ৰূপত বিষ্ণু ৰাভা দিৱস উদযাপন

 দেৱব্ৰত বৰা,জাজৰি:   অসমৰ সমাজ জীৱনলৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অতুলনীয় অৱদান পুণেত থকা অসমীয়া সমাজে  শ্ৰদ্ধাৰে স্মৰণ কৰিছ। মহাৰাষ্ট্ৰৰ পুনে মহানগৰীতো এইবাৰ লুইত- দ্যা আচামিছ চ'ছাইটি ইন পুনে' নামৰ সংগঠনটোৰ উদ্যোগত পুনেত বসবাস কৰা অসমীয়া লোক সকলৰ এক প্ৰসংশনীয় পদক্ষেপ দেখা পোৱা গ'ল I কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকীত তেঁওক শ্ৰদ্ধাৰে সুঁৱৰি ৰাভা দিৱসৰ লগত সংগতি ৰাখি এক ব্যতিক্ৰমী প্ৰথাৰে অনলাইন যোগে পালন কৰে 'ৰাভা দিৱস' I কৰ'ণাই সৃষ্টি কৰা ত্ৰাসৰ বাবে আনুষ্ঠানিকভাৱে ৰাভা দিৱস পালন কৰিব পৰা নগ'ল যদিও সংগঠনটোৰ ফেচবুক গ্ৰুপটিৰ দ্বাৰা অনলাইন যোগে দহ দিনীয়া কাৰ্য্যসূচীৰে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে I লগতে পুনে বাসী অসমীয়া ৰাইজে তেখেতক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে I সংগঠনটোৰ সহকাৰী সম্পাদক বিদ্যুত শইকীয়াই জনাই যে, বয়োজ্যেষ্ঠ সকলৰ লগতে বহু কন কন ল'ৰা-ছোৱালীয়েও এই অনুষ্ঠানত অংশগ্ৰহন কৰে, যিয়ে অসমীয়া জাতি এটি ধৰি ৰখাৰ প্ৰয়াসৰ বাবে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। বহু লোকে বিষ্ণু ৰাভা গীত গায়, বিষ্ণু ৰাভাৰদেৱৰ কবিতা আবৃত্তি কৰি আৰু ৰাভা সংগীতত নৃত্য পৰিবেশন কৰাৰ ভিডিঅ ৰেকৰ্ডিং কৰি প্ৰেৰণ কৰে সংগঠনটোৰ ফেচবুক গ্ৰুপত পষ্ট কৰিবলৈ I বিদ্যুত শইকীয়াই জনোৱা মতে সংগঠনটোৰ প্ৰধান উদ্দেশ্য আছিল যাতে অসমৰ বাহিৰত থাকিও তেওঁলোকে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিব পাৰে আৰু বিশেষকৈ অসমৰ বাহিৰত জন্মগ্ৰহণ কৰা  কন কন শিশু সকলেও অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগত পৰিচিত হ'ব পাৰেI

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা