গুৰুজনাৰ ওপজা ভূমিত সহস্ৰাধিক কফি গছৰ পুলি ৰোপন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জুনঃ গুৰুজনাৰ পবিত্ৰ ওপজা ভূমি নগাঁও জিলাৰ বটদ্ৰৱা শলগুৰি সত্ৰৰ শিল্পী তথা প্ৰকৃতিপ্ৰেমী ব্যক্তি দীপেন বৰুৱাৰ উদ্যোগত বটদ্ৰৱাৰ মুকলি গাঁৱৰ পৰা কীৰ্তন ঘৰ সংযোগী পথ আৰু দৌল মন্দিৰ সংযোগী পথৰ দুয়োকাষে সহস্ৰাধিক কফি গছৰ পুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয় । ৰাইজৰ মাজত দীপালী বুলি খ্যাত এই ব্যক্তিগৰাকীয়ে পৰীক্ষামূলক ভাৱে নিজৰ ঘৰতে কফি গছৰ খেতি কৰি সফল হোৱাত গুৰুজনাৰ জন্মভূমিৰ জলবায়ু কফি খেতিৰ বাবে অনুকুল বুলি প্ৰমান পোৱাৰ পিছতেই এই পৰিকল্পনা কৰে প্ৰকৃতিপ্ৰেমী এই লোকজনে ৷ এই মৰ্মে, বটদ্ৰৱা থান দৰ্শনৰ বাবে অহা তীৰ্থযাত্রী, পৰ্যটকৰ আকৰ্ষণৰ বাবে গুৰুজনাৰ জন্মভূমিক সেউজী কৰি তোলাৰ লক্ষ্যৰে দেওঁবাৰে পুৱাৰে পৰা মুকলি গাঁৱৰ ৰানা বৰুৱা, তপন বৰুৱা, মৃগাংক মহন্ত, অনুজ বৰুৱা, প্ৰাঞ্জল বৰুৱা, নৱজ্যোতি খাটনিয়াৰকে প্ৰমুখ্য কৰি কেইবাগৰাকী লোকৰ সহযোগত এই গছ পুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয় । ইফালে, এই বৃক্ষৰোপন কাৰ্যসূচীৰ মাজতে সাংবাদিকৰ লগত হোৱা কথোপকথনত দীপেন বৰুৱাই পৰবৰ্তী সময়ত বটদ্ৰৱা সংযোগী অন্য পথ সমূহতো কফি গছৰ পুলি ৰোপন কৰি বটদ্ৰৱাক সেউজী বনানীকৰণ কৰাৰ সংকল্পৰ কথা জানিবলৈ দিয়ে।
====================
Comments
Post a Comment