বজাৰত জুই চাই দাম* *চৰকাৰলৈ অধিক সাহায্য প্ৰদানৰ দাবী বিভিন্ন সচেতন মহলৰ
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুন*
বিশ্বত্ৰাস ক'ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা লক্ ডাউনত ইতিমধ্যেই জীয়াতু ভুগিছে ৰাইজে ৷ বৰ্তমান সময়ত কেবল গুৱাহাটীতেই নহয় সৰ্বত্ৰে বজাৰত বিভিন্ন সামগ্ৰীৰ দাম আকাশলঙ্ঘী হৈ পৰিছে। গ্ৰামাঞ্চলৰ বজাৰবিলাকতো ইয়াৰ প্ৰভাৱ বাৰুকৈয় পৰাতো পৰিলক্ষিত হৈছে ৷ খাতিখোৱা দিন হাজিৰা কৰা মানুহৰ লগতে নিম্ন মধ্যবিত্ত অথবা মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। হাজিৰা কৰি পায় ৪০০ টকা। ইয়াৰে চাউল, ডাইল, মিঠাতেল, আলু ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিছে। সৰ্বসাধাৰণ ৰাইজে মূৰেকপালে হাত দিছে । কি কৰিব কি নকৰিব উৱাদিহ পোৱা নাই । পৰিয়ালৰ ভৰন-পোষণেই হৈ পৰিছে এতিয়া ডাঙৰ সমস্যা । বিভিন্নজনে এই দুৰ্যোগৰ সময়ত সাহায্য আগবঢ়োৱাইছে যদিও সেয়াই যথেষ্ট নহয় বুলি সচেতন প্ৰতিগৰাকীৰে জ্ঞাত । বৰ্তমান সময়ত এসাজ খাই এসাজ নোখোৱাকৈ কটাই আছে বহু পৰিয়াল। কামলৈ যাব পৰা নাই । বাৰিষাৰ ভৰপক সময়ত খেতিয়কে ৰুব পৰা নাই মাটি । চাৰিওফালে বানপানীয়ে আগুৰি ধৰি অন্য এক পৰম্পৰাগত বাৰ্ষিক ত্ৰাসৰ সৃষ্টি কৰা এনে সময়ত চৰকাৰৰ পৰা অধিক সাহায্য প্ৰদান কৰিবলৈ বিভিন্নমহলে চৰকাৰলৈ আহ্বান জনাইছে । অন্যথা ইয়ে সময়ত ঋণাত্মক ফল প্ৰসৱ কৰিব বুলিয়েই বহুতৰে মনত ধাৰণা হৈছে ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment