জামুগুৰিহাটত ছফিকুলৰ দেহত কৰ'না

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট ,২৬ জুন:- জামুগুৰিহাটৰ দুই নং ননকে গটাইমাৰীৰ ২২ বছৰীয়া যুৱক  ছফিকুল আলিৰ দেহত আজি কভি'ড-১৯ পজিভিভ পোৱা গৈছে ।কেৰেলাৰ পৰা ২২ জুনত অসমলৈ অহা ছফিকুলৰ তেজপুৰ ডন বস্কত সেইদিনাই স্বাব সংগ্ৰহ কৰা হৈছিল আৰু ২৩ জুনত ছফিকুলক জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত থকা কোৱাৰেন্টীন শিবিৰত পৃথক কৰি ৰক্ষা হৈছিল ।আজি দিনৰ ভাগত যুৱকজনৰ দেহত কভি'ড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছতে যুৱক জনক তেজপুৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰা হয়।ছফিকুলৰ দেহত কভি'ড-১৯ ধৰা পৰাৰ পাছত চতিয়া সমষ্টিত কৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে । ইফালে জামুগুৰিহাটৰ ১নং মাজগাওৰ যুৱক তথা তেজপুৰ মেডিকেল কলেজৰ ৱৰ্ড বয় ৰূপে কৰ্মৰত নিপুল দাস নামৰ কৰ'ণা আক্ৰান্ত যুৱকজন বহু লোকৰ সংস্পৰ্শলৈ অহাৰ পাছত গণ সংক্ৰমণৰ শংকা ঘনীভূত হোৱাৰ সময়তে কালি আৰু আজি জামুগুৰিহাটৰ বহু লোকেই জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰলৈ আহি স্বইচ্ছায় স্বাব পৰীক্ষা কৰিছে ।

জোন বৰা,
জামুগুৰিহাট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা