মদনপুৰত টোলগেট বন্ধৰ দাবীত আছুৰ

মদনপুৰত টোলগেট বন্ধৰ দাবীত আছুৰ  #
স্মাৰক পত্ৰ প্ৰদান/
টোলগেট বন্ধ নকৰিলে তীব্ৰ জংগী আন্দোলন গঢ়ি তোলা হ'ব:আছু

  
 
  বাইহাটা চাৰিআলি ২২ জুনঃ
মদনপুৰত টোলগেট আৰম্ভ হোৱাৰ পিছত  ৰাজপথত 
ছাত্ৰ সন্থাৰ প্ৰথমটো প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰে।
 কামৰূপ জিলাৰ মদনপুৰত টোলগেট বন্ধ কৰাৰ দাবীত পূব কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত  আজি সদৌ অসম ছাত্ৰ,কামৰূপ জিলা ছাত্ৰ সন্থাৰ লগত কেইবাটাও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগ ত এক  মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।দিনৰ প্ৰায়১১.৩০বজাত আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীত  ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয়  তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে কয়- ৰাজ্য  চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ গাদীত বহিছে সেইখন চৰকাৰে আজি সাধাৰণ জনতাৰ ওপৰত টোল গেটৰ জৰিয়তে কৰৰ বোজা জাপি দি ৰাম টাঙোন শোধাইছে।এই কাৰ্যক আমি আছুৱে ধিক্কাৰ দিছো।আজি বাইহাটা চাৰিআলিৰ নিকটৱৰ্ত্তী মদনপুৰত টোলগেট বন্ধ কৰাৰ দাবীত মানৱ শৃংখল প্ৰতিবাদী  কাৰ্যসূচীৰে আছুৱে অসম চৰকাৰ হায় হায়,  টোলগেট বন্ধ কৰিব লাগিব, আছু জিন্দাবাদ,আছু আজি জাগিছে,জাগিছে  জাগিবই,জয় আই অসম,জাতীয় নায়ক হায় হায়,
পূব কামৰূপ ছাত্র সন্থা জিন্দাবাদ আদি শ্লগানৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে আছুৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে কয় যে সদৌ অসম ছাত্ৰ সন্থা নীতিগত ভাৱে সদায় টোল গেটৰ বিৰোধী । এই টোলগেটৰ জৰিয়তে সাধৰণ জনতাক যি মাধামাৰ শোধাইছে এই কাৰ্যক আছুৱে কেতিয়াও মানি নলও।যদিহে চৰকাৰৰ এনে কাৰ্যসূচীৰ কৰ্ণগোচৰ নহয় তেতিয়া হ'লে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত আন্দোলন কাৰ্যসূচী আগুৱাই লৈ যোৱাৰ হুংকাৰ দিয় ।আনহাতে এই প্ৰতিবাদস্থলীতে পূব কামৰূপ ছাত্ৰ সন্থাই  মদনপুৰত  বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনষ্ট কৰি স্থাপন কৰা টোলগেট বন্ধ দাবীত পূব কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাভেদ আখটাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক মৃনাল ডেকা স্বাক্ষৰিত এক স্মাৰক পত্ৰ কমলপুৰ ৰাজহ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে ৰাজ্য ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।প্ৰায় ঘন্টা যোৰা কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় নেতা গৰাকীৰ লগতে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী,জিলাৰ ছাত্র সন্থাৰ উপ সভাপতি তথা পূব কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ ডেকা,সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সোণজ্যেতি বৰুৱা লগতে জিলা মহকুমা আঞ্চলিকৰ ভালেসংখ্যক আছুৰ নেতা কৰ্মী সমৰ্থকে অংশ গ্ৰহণ কৰে ।উল্লেখ্য যে,মদাৰতোলা বিদ্যাপীঠ হাইস্কুল সন্মুখতে স্থাপন কৰা টোলগেট ৰ পৰা  বিদ্যালয়খনৰ শিক্ষাৰ্থী ৰ ক্ষতি সাধন কৰিব বিচৰা ভৱিষ্যত ৰ বিষয়ে চিন্তা কৰি  টোলগেট বিৰোধিতা কৰি পূব কামৰূপ ছাত্ৰ সন্থাই পূৰ্বতেও জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা