কাজিফুলৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন*

পলিমা চেতিয়া বসুমতাৰী,২০ জুন,কাজিৰঙা:
আজি ২০ জুন ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিন ৷সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙাতো অনুষ্ঠুপীয়াকৈ  উদযাপন কৰা হয় কলাগুৰুৰ মৃত্যু দিন ৷কাজিৰঙাৰ কাজিফুল যুৱ সংঘই বচাগাওঁ নাট্যমন্দিৰত বিষ্ণুৰাভাৰ বিপ্লৱী সত্তাৰ প্ৰতি সশ্ৰদ্ধ অভিবাদন জ্ঞাপন কৰে ৷ অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ দীপক গগৈ, সমাজকৰ্মী জীতেন শৰ্মা,ৰীতা তালুকদাৰ,শিক্ষক যতীন বৰদলৈ,প্ৰতিষ্ঠা কালৰে পৰা জড়িত অৰূপ বৰা(জিতু),গাওঁৰক্ষী বাহিনীৰ সভাপতি সোনমণি বৰদলৈৰ লগতে সংঘৰ প্ৰতিজন ন-পুৰণি সদস্যৰ উপস্থিতিত নাট্যমন্দিৰ প্ৰাংগনত থকা বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে  সমাজকৰ্মী জীতেন শৰ্মাই ৷ ইয়াৰ পাছতে শিক্ষক যতীন বৰদলৈয়ে বিষ্ণুৰাভাৰ এটি গীত পৰিৱেশন কৰে ৷ নাট্যকাৰ দীপক গগৈয়ে  কাজিফুল যুৱ সংঘই বিগত সময়ত উদযাপন কৰা বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ সোণসেৰীয়া স্মৃতি ৰোমন্থন কৰি কয় যে কাজিফুল কাজিৰঙাৰ অন্যতম এক সৰ্বাংগসুন্দৰ অনুষ্ঠান ৷ কাজিফুলক ৰমক জমক কৈ ফুলাই ৰখাৰ সমান্তৰালভাৱে চাৰিওফালে ইয়াৰ গোন্ধ বিয়পাই  ৰাখিবলৈ কাজিফুলৰ প্ৰতিজন সদস্যক আহ্বান জনাই দীপক গগৈয়ে ৷ উপস্থিত থকা জীতেন শৰ্মাৰ লগতে সমাজকৰ্মী ৰীতা তালুকদাৰেও বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ ওপৰত মনোজ্ঞ ব্যাখ্যা   আগবঢ়ায় অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলে ৷বিগত বৰ্ষবোৰত  কাজিফুল যুৱ সংঘই ৰাভা দিৱস উপলক্ষে উদযাপন কৰা  নাটকত অংশ লোৱাৰ স্মৃতি ৰোমন্থন কৰে সমাজকৰ্মী ৰীতা তালুকডাৰে ৷ইয়াৰ পাছতে উপস্থিত থকা সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক দেৱাশীষ গগৈয়ে কয় মহাপুৰুষ শংকৰ দেৱ আৰু মাধবদেৱৰ পিছতেই অসমীয়া জাতি গঢ় দিওঁতা,কৃষ্টি সংস্কৃতিৰে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা ব্যক্তি ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালা আৰূ কলাগুৰু বিষ্ণু প্রসাদ ৰাভা অন্যতম। এই সকলৰ অাপ্রাণ চেষ্টাত আজি আমি অসমীয়া বুলি নিজকে গৌৰব অনুভব কৰো।১৪০০,১৫০০ খৃষ্টাব্দতে মহাপুৰুষ দুজনাই নাম ধর্মৰ লগতে বহুতো সত্রীয়া কৃষ্টি সংষ্কৃতিৰে অসমীয়াৰ ভেটি টনকিয়াল কৰি থৈ গৈছে।জোতি প্রসাদ আৰু বিষ্ণুৰাভাৰ কর্ম আৰু সৃষ্টিয়ে অসমীয়া সাহিত্য,কৃষ্টি আৰু সংস্কৃতিত গৌৰৱমণ্ডিত কৰিছে যদিও ৰাভা জ্যোতি প্রসাদ আগৰৱালাতকৈ ৬টা বছৰ সৰু আছিল তথাপি দুয়ো সংস্কৃতিত কাম একেলগে কৰাৰ সুযোগ পাইছিল আৰু তাৰ পাছতেই ৰাভাই প্রথম অসমীয়া বোলছবি জয়মতীৰ কামত জ্যোতি প্রসাদক সহায়ৰ হাত আগবঢ়াই ।পৰৱৰ্তী সময়তো দুয়োজনাই বহুতো সৃষ্টি একেলগেই কৰি যায়। ইয়াৰ পাছত সংঘৰ সভাপতি ক্ষীৰোদ শৰ্মাই বিষ্ণু প্ৰসাদ ৰাভাই সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান স্বীকাৰ কৰি অসমৰ নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰাৰ কথা উল্লেখ কৰি কয় যে এইখিনি কৰোঁতে ৰাভাদেৱ শঙ্কৰদেৱৰ মূল্যায়ন অৰ্থাৎ শঙ্কৰদেৱৰ সাংস্কৃতিক চেতনাৰ প্ৰভাৱৰপৰা আঁতৰি অহা নাছিল। শঙ্কৰদেৱৰ আদৰ্শত অনুৰক্ত আছিল বাবেই ৰাভাৰ জাতীয়তাবাদ আছিল উদাৰ, গভীৰ ৷ তাত সংকীৰ্ণ মনোভাৱৰ চামনিও নপৰাৰ কথা উল্লেখ কৰি তেখেতে কয় যে ৰাভাদেৱৰ এক মহান প্ৰয়াস আছিল জাতিভেদ, বৰ্ণভেদ সাম্প্ৰদায়িকতাৰ ঊৰ্দ্ধত এক মহান সংস্কৃতি গঢ়ি তোলাৰ। সমাজৰ জাতিভেদ, বৰ্ণভেদৰ বিষাক্ত বীজাণূৰ কথা মৰ্মে মৰ্মে অনুভৱ কৰিছিল। সেয়েহে তেওঁ পাপকহে ঘিণাইছিল পাপীক নহয়। সমগ্ৰ জীৱনটোৱেই ৰাইজৰ স্বাৰ্থত উৎসৰ্গা কৰিছিল। তেওঁ আছিল প্ৰকৃতাৰ্থত বিপ্লৱী। ইয়াৰোপৰি সংঘৰ প্ৰতিষ্ঠাপক সদস্য মনোজ প্ৰতিম শইকীয়াই কয় যে বিষ্ণুৰাভাৰ প্ৰতি আমাৰ সকলোৰে  তথা চৰকাৰৰো কিছু কৰণীয় আছে   ৷ সেইসমুহ হল বিষ্ণুৰাভাৰ সমূহ সাহিত্যৰাজী ডিজিটেলাইজ হ'ব লাগে।লগতে সেই সমূহ অনুবাদ হ'ব লাগে।প্ৰতিখন মহাবিদ্যালয়ত বিষ্ণুৰাভা সাংস্কৃতিক সমাৰোহ নামেৰে এটি কোষ থাকিব লাগে।এই কোষে অসমৰ সকলো বিলাক বিশিষ্ট লোককে সামৰি ল'ব লাগিব।এটাকৈ যাদুঘৰ প্ৰতিখন শিক্ষানুষ্ঠানতেই নিৰ্মাণ হওক।গাঁ‌ও সমূহ এটাকৈ পুথিভড়াঁ‌ল আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ হওক ৷বিশ্ববিদ্যালয় সমূহত ৰাভাদেৱৰ নামত এটাকৈ অধ্যয়ন কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰ হওক।প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত এটা কৈ কলাকেন্দ্ৰ গঠন হওক ৰাভাদেৱৰ নামত। বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা গীতেৰে অনুষ্ঠানৰ সামৰণি হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা