শিৱসাগৰৰ ডৰবাৰ ৰোড আৰু এ টি ৰোডে জীয়াতু ভূগাইছে পথছাৰীক

  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,২৪ জুন : শিৱসাগৰ নগৰৰ সমীপতে থকা ডৰবাৰ ৰোডৰ দীৰ্ঘদিন ধৰি জৰাজিন অৱস্থাই জীয়াতু ভূগাইছে ৰাইজক । শিৱসাগৰৰ অৰ্জুনগুৰি , মৰনৈকিনাৰ , কমাৰফদীয়াৰ দৰে বৃহৎ অঞ্চল কেইটাৰ বহি:সমাজৰ লগত যোগাযোগৰ একমাত্ৰ মাধ্যম এই ডৰবাৰ ৰোডটোৰ কাষত থকা কবৰস্থান খনৰ সন্মুখ ভাগৰ ৰাস্তাটোৰ অংশ ছোৱা বখলা বখলকৈ এৰাই গৈ দ 'গাঁতৰ সৃষ্টি হৈছে। সামান্য এজাক বৰষুণ দিলেই গাঁত সমুহত একাঁঠু পৰ্যন্ত পানী উঠে আৰু পথছাৰীয়ে যাতায়তৰ বেলিকা নৰক যাতনা ভূগিব লগীয়া হয় । উল্লেখ্য যে শিৱসাগৰৰ অন্যতম এখন খেলপথাৰ হৈছে ডৰবাৰ খেল পথাৰ  ।শিৱসাগৰ নগৰৰ উপৰি ইয়াৰ সমীপৰ বহু কেইখন ঠাইৰ খেলুৱৈ সকলেও এই খেলপথাৰত অনুশীলনত ব্যস্ত থাকে । তদুপৰি পথটোৰ কাষতে আছে শিৱসাগৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আৰু শিৱসাগৰ জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়।  কিন্তু এই পথছোৱা যাতায়তৰ অনুপযোগী হৈ পৰাৰ বাবে এই খেলুৱৈ সকলৰ উপৰি দুয়োটা কাৰ্যালয়লৈ বিভিন্ন কামৰ বাবে অহা ব্যক্তি সকল আহুকালৰ সন্মুখীন হৈছে। স্থানীয় জনসাধাৰণে শিৱসাগৰৰ গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলক পথছোৱা মেৰামতিৰ বাবে দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি বিভাগটোৱে কৰ্ণপাত নকৰাৰহে অভিযোগ উঠিছে  । অন্যহাতে  শিৱসাগৰ নগৰৰ ষ্টেচন চাৰি আলিৰ সংযোগী এ টি ৰোডৰ পথ ছোৱা মেৰামতি হ'ব কেতিয়া ? আজিৰ তাৰিখত এইয়াও লাখটকীয়া প্ৰশ্ন ৰূপে বিচেচিত হৈছে যিহেতু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পথ উন্নয়ণ আঁচনিৰে নগৰ - চহৰ ,গাওঁ সমুহৰ যাতায়ত সুব্যৱস্থাত সকলোবোৰ পথ উন্নয়ণৰ বাবে হাতত লৈছিল । এই পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি এশ এবুৰি বাৰ প্ৰকাশ পাই আহিছে যদিও গড়কাপ্তানি বিভাগটোৱে  পথছোৱা মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান পথছোৱাত বিয়াগোম , বিয়াগোম গাঁতৰ সৃষ্টি হৈছে। সামান্য এজাক বৰষুণতে পথছোৱাত একাঁঠু পয্যন্ত পানী জমা হৈ বোকাময় হৈ পৰে। অতী যাতায়ত ব্যস্ত পথটোত সঘনাই  যান -জঁটৰ সমস্যাৰ সৃষ্টি হোৱাটো যেন গতানুগতিক বিষয় । যাতায়তৰ ক্ষেত্ৰত এই পথছোৱা অন্যতম গুৰুত্বপূৰ্ণ পথ ৰূপে বিবেচিত  । যোৰহাট , ডিব্ৰুগড় , তিনিচুকীয়া , মৰাণ , সোনাৰি , চৰাইদেউ আদিৰ গাড়ী সমুহ এই পথেদিয়েই  শিৱসাগৰৰ এএছটিচিৰ বাছ আস্থানলৈ আহে । তেনে এটা গুৰুত্বপূৰ্ণ পথৰ এনে কৰ্দয্য ময় ৰূপে পথছাৰীক বাৰুকৈয়ে ক্ষুন্ন কৰি তুলিছে। আনহাতে অন্যান্য জিলা কেইখনৰ জনসাধাৰণৰো পথছোৱাক লৈ চৰ্চা কৰিবলৈ বাধ্য হৈ পৰিছে | কাৰণ শিৱসাগৰ জিলাখনৰে অসমৰ বিভিন্ন জিলাৰে সংযোগ স্থাপনৰ মুল পথছোৱাই যদি এনে অৱস্থা হয় শিৱসাগৰ জিলাখনৰ বাবে অতী পৰিতাপৰ বিষয় ৰূপে পৰিগনিত হৈছে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা