নগাঁৱত দুদিনৰ মুৰত উদ্ধাৰ বানত উটি যোৱা কিশোৰৰ মৃতদেহ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চলোৱা তাণ্ডৱৰ মাজতে গৰু এৰাল দিবলৈ গৈ বানত উটি সন্ধানহীন হৈ পৰা এটি কিশোৰৰ মৃতদেহ দুদিনৰ মূৰত আজি উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে, যোৱা শনিবাৰে জুৰিয়াৰ কালিয়াডিঙা কছাৰীগাঁৱৰ ইব্ৰাহীম আলিৰ চৈধ্য বছৰীয়া পুত্ৰ জাকাৰিয়া আলম নামৰ কিশোৰটিয়ে লাওখোৱা অভয়াৰণ্যৰ কঠালগুৰি বন শিবিৰৰ সমীপৰ মথাউৰিত গৰু এৰাল দিবলৈ যায় ৷ কিন্তু গৰু এৰাল দি উভতি আহোতে হঠাতে মথাউৰিৰ পৰা পিছলি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি উটি যায় কিশোৰটি ৷ এনেদৰে চকুৰ পলকতে বাঢ়নী পানীৰ প্ৰবল সোঁতে উটোৱাই নিয়া কিশোৰটিক লগৰ দুই বন্ধুয়ে বচাবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷ লগে লগে ঘটনাৰ খবৰ পাই বন বিভাগ আৰু জুৰীয়া আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত যন্ত্ৰ চালিত নাৱেৰে উদ্ধাৰ অভিযান চলাই যদিও সেইদিনা বানত উটি যোৱা কিশোৰটিৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত পুনৰ কালিও অভিযান চলোৱা হয় ৷ কিন্তু দুয়োদিনে নিৰুদ্দিষ্ট কিশোৰটিৰ সন্ধান অভিযানকাৰী দলে উলিয়াবলৈ সক্ষম নোহোৱাৰ পিছত আজি বিয়লি প্ৰায় দুই বজাত কঠালগুৰিৰ মথাউৰিৰ কিছু নিলগতে কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানৰ কৱলত পৰি এনেদৰে এটি কিশোৰে অকালতে মৃত্যুক আকোঁৱালি ল’বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
Comments
Post a Comment