পলুৱাই আনিলে প্ৰেয়সীক, আহিল ক'ৰোণা ভাইৰাছ

 ৰাইদঙীয়াত পলোৱাই অনা প্ৰেমীকাৰ দেহত ওলাল ক’ভিড পজিটিভ≈≈গণ সংক্ৰমণৰ আশংকা #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ জুনঃ সমগ্ৰ ৰাজ্যৰ দৰে নগাঁও জিলাটো দ্ৰুত হাৰত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে জিলাখনৰ ৰাইদঙীয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, জিলাখনৰ জাজৰি থানাৰ এলেকাধীন ৰাইদঙীয়াৰ আদৰ্শ গাঁৱৰ দ্বীপ দাস নামৰ এজন যুৱকে কিছুদিনৰ পূৰ্বে নগাঁও চহৰৰ সমীপৰ হুজগাঁৱৰ এগৰাকী কিশোৰীক প্ৰেমৰ সম্পৰ্কৰে পলুৱাই আনে ৷ পিছে এইদৰে কিশোৰী গৰাকীক পলুৱাই অনাত কিশোৰীগৰাকীৰ পৰিয়ালে যুৱকজনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এজাহাৰৰ ওপৰত ভিত্তি কৰি এটি গোচৰ ৰুজু কৰি সকলোতে বিচাৰ-খুচাৰ কৰাৰ অন্তত অৱশেষত  যুৱকজনৰ ঘৰৰ পৰা কিশোৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও প্ৰেমীক যুৱকজনে পলায়ণ কৰে ৷ কিন্তু কালি নিশা কিশোৰীজনীৰ দেহত আশ্চৰ্যজনকভাবে ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাত এতিয়া বৃহত্তৰ ৰাইদঙীয়াত ব্যাপক আলোড়নৰ সৃষ্টি হৈছে ৷ এনেদৰে এসপ্তাহৰো অধিক দিন যুৱকজনৰ লগত থকাৰ পিছত কিশোৰীগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত আজি স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত পলাতক যুৱকজনৰ লগতে যুৱকজনৰ পৰিয়ালৰ মুঠ নজন লোকক ততাতৈয়াকৈ নগাঁৱলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে সকলোৰে স্বাৱ সংগ্ৰহ কৰে ৷ এতিয়া এই ঘটনাই বৃহত্তৰ ৰাইদঙীয়াৰ ৰাইজক আতংকিত কৰি তুলিছে ৷ কিয়নো আৰক্ষীৰ ভয়ত প্ৰেমীক যুগলে অঞ্চলটোৰ বিভিন্ন স্থানত পলাই ফুৰাৰ বিপৰীতে যুৱকজনৰ পৰিয়ালৰ লোকো সকলোতে স্বাভাবিকভাবে ঘুৰি ফুৰিছিল ৷ ফলত কৰ’নাত আক্ৰান্ত কিশোৰী গৰাকী বহুতৰে সংস্পৰ্শলৈ আহিছিল ৷ সেয়ে এতিয়া গণ সংক্ৰমণৰ আশংকাত ত্ৰাসিত হৈ পৰা অঞ্চলবাসী ৰাইজে জিলা প্ৰশাসনক প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহন কৰাৰ আহ্বান জনাইছে ৷ ইফালে, কিশোৰী গৰাকীক উদ্ধাৰ কৰি অনা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চাৰিগৰাকী মহিলা কনিষ্টবলকে ধৰি মুঠ ১১ জন আৰক্ষীক হোম কোৱাৰেন্টাইন কৰাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীত চেনিটাইজ কৰিছে স্বাস্থ্য বিভাগে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা